ঢকুৱাখনাৰ পত্নীহন্তা স্বামীক ন্যায়িক হেফাজতলৈ প্ৰেৰণ...
ঢকুৱাখনাৰ পত্নীহন্তা স্বামীক ন্যায়িক হেফাজতলৈ প্ৰেৰণ... 
লখিমপুৰ

ঢকুৱাখনাৰ পত্নীহন্তা স্বামীক ন্যায়িক হেফাজতলৈ প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ সদৰ থানাৰ অন্তৰ্গত মাঝি গাঁওত সংঘটিত এগৰাকী গৰ্ভাৱতী বিবাহিত মহিলাৰ সন্দেহযুক্ত আত্মহত্যা কাণ্ডৰ মূল অভিযুক্ত স্বামীসহ আৰু এজনক মঙ্গলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । ঢকুৱাখনাৰ ২নং বানতৌ গাঁও নিবাসী ভৰত দাস আৰু ৰূপা দাসৰ কন্যা ৰিংকু দাস (১৯)ৰ যোৱা ২৪ফেব্ৰুৱাৰীৰ নিশা স্বামীগৃহত অস্বাভাৱিক মৃত্যু  হোৱা ঘটনাৰ সতে জড়িত স্বামী উৎপল দাসসহ আৰু এজনক ঢকুৱাখনা আৰক্ষীয়ে উক্ত দিনাই গ্ৰেপ্তাৰ কৰিছিল ।

পৰৱৰ্তী সময়ত দুই অভিযুক্তক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে ৪ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে । মঙ্গলবাৰে উক্ত সময় অতিক্ৰমাৰ পাছত ন্যায়িক লখিমপুৰৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং-২৬ /২০২৩)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪  ধাৰাৰ ভিত্তিত ধৃত স্বামী উৎপল দাস আৰু সহযোগী ৰাজীৱ দাসক মঙ্গলবাৰে তদন্তকাৰী আৰক্ষীয়ে লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।