লখিমপুৰ

আনন্দ মিশ্ৰৰ পদত্যাগত অনুমোদন দিয়া নাই ৰাজ্য় চৰকাৰে !

Asomiya Pratidin

ডিজিটেল ডেস্ক : আই পি এছ তথা লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পদত্যাগত অনুমোদন দিয়া নাই ৰাজ্য চৰকাৰে। আৰক্ষী অধীক্ষক মিশ্ৰই ৰাজ্য চৰকাৰৰ মুখ্য সচিব লৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত এতিয়ালৈকে অনুমোদন জনোৱা নাই বুলি জানিব পৰা গৈছে।

বিপৰীতে তেওঁক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় লৈ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। সম্প্ৰতি আৰক্ষী অধীক্ষকগৰাকী কৰ্মস্থলী লখিমপুৰতে আছে বুলি জানিব পৰা গৈছে।

অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত সাক্ষাতকাৰ দিয়াৰ পৰা বিৰত আছে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁৰ অৱ্যাহতি সন্দৰ্ভত কেতবোৰ কথা উল্লেখ কৰিছিল। চাকৰি জীৱন ত্যাগ কৰি বান্ধি লৈছিল ৰাজহুৱা জীৱন-যাপন কৰাৰ।

এই সন্দৰ্ভতে তেওঁ ৰাজ্য চৰকাৰ লৈ প্ৰেৰণ কৰিছিল অৱ্যাহতি পত্ৰ। কিন্তু এতিয়ালৈকে ৰহস্যজনকভাৱে গ্ৰহণ কৰা হোৱা নাই আনন্দ মিশ্ৰৰ পত্ৰ। লখিমপুৰৰ পৰা টালি-টোপোলা বান্ধি যাবলৈ সাজু হোৱা মিশ্ৰৰ স্থানত ১৩নং অসম পুলিচ বেটেলিয়নৰ অধিনায়ক দেৱাশীষ শৰ্মাক লখিমপুৰত অতিৰিক্ত অধীক্ষকৰ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে।

অতিৰিক্ত অধীক্ষক শৰ্মাই বুধবাৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি এক সূত্ৰত প্ৰকাশ। অৱশ্যে আজিৰ তাৰিখলৈ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই দায়িত্বত আছে। সম্প্ৰতি আনন্দ মিশ্ৰৰ অৱ্যাহতি প্ৰসংগই ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে।

অৱশ্যে এই সমগ্ৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত আনন্দ মিশ্ৰই সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।