১.৫৫ কোটি টকীয়া পথ নিৰ্মাণলৈ ঠিকাদাৰৰ পিঠিঃ দুবছৰ অতিক্ৰমাৰ পাছতো সম্পূৰ্ণ নহ'ল আঁচনি...
১.৫৫ কোটি টকীয়া পথ নিৰ্মাণলৈ ঠিকাদাৰৰ পিঠিঃ দুবছৰ অতিক্ৰমাৰ পাছতো সম্পূৰ্ণ নহ'ল আঁচনি... 
লখিমপুৰ

১.৫৫ কোটি টকীয়া পথ নিৰ্মাণলৈ ঠিকাদাৰৰ পিঠিঃ দুবছৰ অতিক্ৰমাৰ পাছতো সম্পূৰ্ণ নহ'ল আঁচনি...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঘিলামৰাৰ এটা সদা ব্যস্ত আৰু গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ নিৰ্মাণৰ প্ৰতি কামৰ দায়িত্ব প্ৰাপ্ত ঠিকাদাৰৰ বেপৰোৱা মনোভাৱে জীয়া যন্ত্ৰণা ভোগাইছে নাগৰিকক। ২০২০-২০২১ বিত্তীয় বর্ষৰ এছ অ' পি ডি (গ্ৰামীণ) শিতানত  দেউলীয়া পঞ্চায়তৰ চাকুলি গাঁৱৰ পৰা আখৈফুটীয়া গাঁও সংযোগী প্ৰায় ২ কিলোমিটাৰ দৈর্ঘৰ পথটো নিৰ্মাণৰ বাবে ১কোটি ৫৫ লাখ ৩৩ হাজাৰ টকা আৱন্তন দিয়া হৈছিল।

মহেন্দ্ৰ গুৰুং নামৰ ঠিকাদাৰ এগৰাকীয়ে লাভ কৰা এই পথ নিৰ্মাণ কাম তেতিয়াৰ মন্ত্ৰী তথা বিধায়ক নৱ দলেয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিছিল ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত । কিন্তু কামৰ ঠিকা লাভ কৰাৰ পৰৱৰ্তী সময়ত ঠিকাদাৰজনে পথ নিৰ্মাণৰ সন্তোষজনক অগ্ৰগতি দিয়াত সামান্যতমো গুৰুত্ব নিদিলে ।

পথ নিৰ্মাণ কাৰ্য আধৰুৱা কৰি বিগত প্ৰায় দুটা বছৰ পেলাই থলে সমগ্ৰ আঁচনিখন। পৰিণতিত সীমাহীন দুৰ্ভোগ সমস্যাৰ সন্মুখীন হৈ যাতায়ত অব্যাহত ৰাখি আহিছে বৃহত্তৰ চাকুলি ,আখৈফুটীয়া আদি বৃহত্তৰ অঞ্চলবাসী নাগৰিকে। ৰাইজে এনে আধৰুৱাকৈ নিৰ্মিত পথৰ পুনৰ কাম আৰম্ভ কৰাৰ বাৰম্বাৰ দাবী জনায় অহাৰ স্বত্বেও তালৈ কোনো দিনে ভ্ৰূক্ষেপ নকৰিলে বিতৰ্কিত ঠিকাদাৰ গুৰুংয়ে ।

ৰাইজৰ আশংকা নিম্ন মানৰ আৰু ক্ৰুটিপূৰ্ণ কামেৰে শামুকীয়া গতিৰে কাম চলাই ঠিকাদাৰগৰাকীয়ে বিভাগীয় আমোলা বিষয়াৰ জৰিয়তে আঁচনিৰ পুঁজি অপচয়ত নামিব। উল্লেখ্য যে, সুদীর্ঘ প্ৰায় ২টা বছৰে আধৰুৱা ভাবে পেলাই ৰখা এই পথটো ৰাইজৰ হেঁচাত শেহতীয়া ভাবে অতি শামুকিয়া গতিৰে নিৰ্মাণ আৰম্ভ কৰি পথৰ ওপৰত শিল বালি পেলাইছে ঠিকেই। কিন্তু পথ চোৱাত শিল বালি পেলোৱাৰ নামত প্ৰকাণ্ড প্ৰকাণ্ড শিল সিঁচি দিয়াৰ পৰিপ্ৰেক্ষিতত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

এই ক্ষেত্রত লোক নিৰ্মাণ বিভাগৰ সোপা ধিলা স্থিতিয়েও অন্য এক সমস্যা হিচাবে ধৰা দিছে জনমানসত। বিধায়ক নৱ দলে আৰু মহকুমা প্ৰশাসনে এই আঁচনিৰ তাৎক্ষণিক, সঠিক আৰু গুণগত নিৰ্মাণত গুৰুত্ব দিয়াৰ লগতে শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰক বাধ্য কৰাবলৈ দাবী জনাইছে ভুক্তভোগী নাগৰিক সমাজে।