লখিমপুৰ

ঢকুৱাখনাত ১১কোটি ১৮ লাখ ব্যয়েৰে আধাৰশিলা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ ঢকুৱাখনা ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনৰ দুখন পথ নিৰ্মাণ আঁচনিৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয় । মুখ্যমন্ত্ৰীৰ পথ উন্নত পকীকৰণ নিৰ্মাণ আঁচনিৰ (MMUPPNA) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অধীনত দুলীয়াগাঁও চাৰিআলিৰ পৰা অসম ৰাজ্যিক গ্ৰামোন্নয়ণ প্ৰতিষ্ঠান চৌহদ  সংযোগী পথৰ লগতে ঢকুৱাখনা নগৰৰ টাউন তিনি আলিৰ পৰা টেকেলিফুটা তিনিআলি সংযোগী পথৰ নিৰ্মান কাৰ্য শুভাৰম্ভ কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে।

পূৰ্বাঞ্চল চাপ্লাই এণ্ড কণ্ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় ১১ কোটি ১৮লাখ টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া এই দুই পথ নিৰ্মান আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠান উপলক্ষত দুলিয়া গাঁও চাৰি আলিৰ প্ৰাঙ্গনত এখন অনুষ্টুপীয়া সভা অনুষ্ঠিত কৰা হয় । ঢকুৱাখনা উপ জিলাৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দণ্ডিনাথ মিলি ,সহকাৰী অভিযন্তা সুবিৰ কৰ্মকাৰ ,জিলা বিজেপিৰ সভাপতি প্রদীপ চমুৱা ,জ্যেষ্ঠ গেৰুৱা নেতা যতীন বৰুৱা , লক্ষেশ্বৰ সোণোৱাল,বসন্ত শইকীয়াকে প্ৰমুখ্য কৰি বহুসংখ্যক গেৰুৱা নেতা এই সভাত উপস্থিত থাকে। দুয়োটা পথৰ  নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি অনুষ্ঠিত কৰা সভাত বিধায়ক দলেয়ে বক্তব্য আগবঢ়াই ঢকুৱাখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা জনমুখী আঁচনি সমূহৰ অবলোকন কৰে।