২৭ ব'হাগৰ পৰা ফাটবিহুঃ ঢকুৱাখনাত কাৰ্য্যালয় উদ্বোধন...
২৭ ব'হাগৰ পৰা ফাটবিহুঃ ঢকুৱাখনাত কাৰ্য্যালয় উদ্বোধন... 
লখিমপুৰ

২৭ ব'হাগৰ পৰা ফাটবিহুঃ ঢকুৱাখনাত কাৰ্য্যালয় উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: লোক কৃষ্টি সংস্কৃতি আৰু লোক উৎসৱত অতিকে সম্ভ্ৰান্ত ঢকুৱাখনা। অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো লোক উৎসৱৰ অস্তিত্ব কালৰ গতিত নজহা নপমাকৈ জীয়াই ৰাখিছে  প্রতিজন ঢকুৱাখনীয়াই।

ব্ৰহ্মপুত্ৰ, সোৱণশিৰী, চাৰিকঢ়িয়া, কঢ়া, লাইপুলিয়া, ডাংধৰা নদীৰে পৰিবেষ্টিত এই লোক সংস্কৃতিৰ উৰ্বৰ অৱবাহিকাৰ অন্য এক সমুজ্জল লোক উৎসৱ হল ফাটবিহু।প্ৰাক ঐতিহাসিক কালৰে পৰা বৰ অসমীয়াৰ স্বাভিমানী এই লোক উৎসব ফাটবিহু স্বকীয় মৰ্যদাৰে উদযাপিত হৈ আহিছে।

ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকঢ়িয়া নদীৰ পাৰৰ মহঘুলি চাপৰিৰ বিহু বাকৰিত বৰ্ণিল কার্যক্রমণিকাৰে শতিকা জুৰি উদযাপিত হৈ আছে এই ফাটবিহু। ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন এই ফাটবিহু ২০২৪ বৰ্ষত উদযাপনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।

অহা ২৭, ২৮ আৰু ২৯ ব'হাগ অৰ্থাৎ ১০, ১১  আৰু ১২ মে' ত তিনিদিনীয়া বৰ্ণিল পৰিক্ৰমাৰে অনুষ্ঠিত হ'ব লগা এই ফাটবিহুৰ উদযাপন সমিতিৰ এটা কাৰ্য্যালয় বৃহস্পতিবাৰে বিয়লি উদ্বোধন কৰা হয়। ঢকুৱাখনা নগৰ চাৰিআলিত প্ৰতিষ্ঠা কৰা এই অস্থায়ী মুখ্য কাৰ্যালয় উদ্বোধন উপলক্ষত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে।

বিহুবলিয়া ডেকা গাভৰু, মুনিহ তিৰোতাৰ লগতে ফাটবিহুৰ উদযাপন সমিতি আৰু স্থায়ী সমিতিৰ সকলো বিষয়ববীয়া একাত্ম হয় এই উদ্বোধনী অনুষ্ঠানত। ঢোল পেঁপাৰ ছন্দোময়তা, বিহুৱা বিহুৱতীৰ বিহুনামৰ সুললিত ধ্বনিৰ আয়তীৰ উৰুলি মংগল ধ্বনিৰ মাজত বিশিষ্ট শিক্ষাবিদ তথা জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ গগৈয়ে কাৰ্য্যালয়ৰ ফিটা কাটি উদ্বোধন কৰে।

ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ, সম্পাদক ভবেন্দ্ৰজিত গগৈকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে উদ্বোধনী অনুষ্ঠানত। ফাটবিহুপ্ৰেমী ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতিত অসমীয়া লোক সংস্কৃতিৰ বৰঘৰ ঢকুৱাখনাৰ এই নিভাঁজ লোক উৎসৱটি পৰম্পৰাগতভাবে আয়োজন কৰাৰ লগতে সফলতাৰে সম্পন্ন কৰাত কৃষ্টিপ্ৰেমী ৰাইজৰ সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।

আধুনিকতাৰ পৰশ নপৰাকৈ স্বকীয় ৰূপত বৰ্তি থকা এই ফাটবিহু মহোৎসৱটিলৈ প্ৰতিগৰাকী লোককৃষ্টি প্ৰেমিলৈ নিমন্ত্ৰণ শৰাই আগবঢ়ালে উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ আৰু সম্পাদক ভবেন্দ্ৰজিত গগৈয়ে।