ঢকুৱাখনাৰ কিশোৰ ছাত্ৰক নিৰ্যাতনকাৰী ৰঙাঘৰলৈ...
ঢকুৱাখনাৰ কিশোৰ ছাত্ৰক নিৰ্যাতনকাৰী ৰঙাঘৰলৈ... 
লখিমপুৰ

ঢকুৱাখনাৰ কিশোৰ ছাত্ৰক নিৰ্যাতনকাৰী ৰঙাঘৰলৈ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল ঢকুৱাখনাৰ ৬ কিশোৰ ছাত্ৰক নিৰ্মম অত্যাচাৰ চলোৱা যুৱ ব্যৱসায়ী দুলু বৰুৱা। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়া গাঁও তিনিআলিত অৱস্থিত এ টু জেদ ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী বৰুৱাসহ কেইগৰাকীমান উদণ্ড যুৱকে ব্যৱসায়িক প্ৰতিষ্ঠানখনত সোমাই চুৰি কৰাৰ চি চি টিভি ফুটেজ লাভ কৰি চুৰি কৰাৰ অপৰাধত  ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৬ গৰাকী কিশোৰ ছাত্ৰক কেইদিনমান পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পাছফালৰ  চৌহদৰ ভিতৰত আঁঠু কঢ়াই লাঠিৰে নিৰ্মম প্ৰহাৰ কৰিছিল।

আৰক্ষী সূত্ৰই জনোৱা মতে ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী কেইগৰাকীক এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰিও প্ৰতিগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকৰ পৰা প্ৰায় ৫৫ হাজাৰকৈ টকা সংগ্ৰহ কৰি সৰ্বমুঠ ২লাখ ৯১ হাজাৰ টকা ক্ষতিপূৰণ লৈ এই সন্দৰ্ভত অভিভাৱক পক্ষৰ সৈতে চুক্তি পত্ৰ পৰ্যন্ত কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই।

এই অমানুষিক নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছত ঢকুৱাখনা আৰক্ষীয়ে শুকুৰবাৰে নিজাববীয়া এক গোচৰ ৰুজু কৰি সন্ধ্যা কিশোৰ নিৰ্যাতনকাৰী কাৰ্য্যত মুখ্য ভূমিকা গ্ৰহণ কৰা যুৱক দুলু বৰুৱাক গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে, উক্ত নিৰ্মম কিশোৰ অত্যাচাৰৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে  জড়িত অন্যসকলক অদ্যপি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

এই সন্দৰ্ভত  আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইপিনে ধৃত ব্যৱসায়ীজনৰ আত্মীয়ই  কিশোৰ কেইজনে দোকানখনৰ বহু মূল্যবান সামগ্ৰী ডেৰমাহত ১১ বাৰ চুৰি কৰি ঢকুৱাখনা নগৰৰ কোৱাবাৰী দলনিৰ এখন দোকানত বিক্ৰী কৰাৰ প্ৰামানিক তথ্য মজুত থকা বুলি কৈ এক "বিশেষ চক্ৰ"ৰ অনুৰোধ মৰ্মে চৌর্য্য বৃত্তিত জড়িত কিশোৰ কেইগৰাকীৰ বিৰুদ্ধে চুৰিৰ গোচৰ থানাত ৰুজু নকৰা বুলি জানিবলৈ দিছে।

ইপিনে ঢকুৱাখনা আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত চলাই চুক্তি কৰি চুৰি কাৰ্যত জড়িত থকা কিশোৰসকলৰ অভিভাৱকৰ সহমতৰ ভিত্তিত আইনী চুক্তি কৰি সংগ্ৰহ কৰা মুঠ ২ লাখ ৯১ হাজাৰ টকা আৰু চুক্তি পত্ৰ আৰক্ষীৰ জিম্মালৈ আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে নিজৰ নাক বচাবলৈকে আৰক্ষীৰ কাষ নাচাপিবলৈ ব্যৱসায়ী পক্ষক পৰামৰ্শ দিয়া এই চক্ৰটোকো গোচৰৰ আওতালৈ আনিলে বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঢকুৱাখনা আৰক্ষীয়ে ধৃত যুৱকজনক গোচৰ নং- ১১/২০২৩ৰ ভিত্তিত  ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৯৪/৩২৫/৩৮৪/৩৮৭/৩৪ অতিৰিক্ত ভাবে জুভেনাইল জাষ্টিছ এক্টৰ ৭৫ ধাৰাৰ অধীনত শনিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।