লখিমপুৰ

লোকনিৰ্মাণ বিভাগৰ অৱজ্ঞা : মৰণফাণ্ডত পৰিণত ঢকুৱাখনাৰ ৰাজপথ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ৰাজ্যখনৰ ৰাজপথ আৰু পথৰ দাঁতিত জনজীৱনলৈ  ভয়ানক বিপদ মাতি অনা বিপদজনক গাঁত আৰু স্তম্ভ সমূহ তাৎক্ষণিক ভাৱে আঁতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দিয়া নিৰ্দেশনা ঢকুৱাখনা মহকুমাত ধোঁৱা চাংত উঠিল। লখিমপুৰ জিলা আয়ুক্তয়ো এই সন্দৰ্ভত জাৰি কৰা কঠোৰ নিৰ্দেশনালৈ কেৰেপ নকৰা ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগটোৰ অবিবেচকী ভূমিকাৰ বাবেই ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।

প্ৰধানকৈ গোগামুখ ঘিলামৰা হৈ ঢকুৱাখনা-মাজুলী সংযোগী ৰাজ্যিক ঘাইপথৰ দাঁতিত  এনে অগণন দ গাঁত সৃষ্টি হৈ মৰণফাণ্ডৰ সদৃশ অৱস্থা উদ্ভৱ হৈছে । লোকনিৰ্মাণ বিভাগৰ এনেবোৰ বিপদজনক মৰণফাণ্ড দূৰীকৰণৰ প্ৰতি গুৰুত্বহীন আচৰণ আৰু উদাসীন মনোভাৱৰ বিপৰীতে স্থানীয় সচেতন ৰাইজে এনেবোৰ ভয়ংকৰ স্থানত  বালি ভৰ্তি বস্তা আৰু জেং দি পথচাৰী সকলক সতৰ্ক কৰি আহিছে।

তাৰোপৰি ঢকুৱাখনা ফাটবিহু বাকৰিৰ সমীপৰ ৰাজপথৰ দাঁতিত এটা অৰ্থহীন পকী স্তম্ভ বিপদজনকভাৱে থিয় দি আছে। সততে চকুত নপৰা এইটো অপ্ৰয়োজনীয় স্তম্ভই সদা ব্যস্ত পথটোৰ পথচাৰীৰ প্ৰতি বিপদ মাতি আহিছে । গোগামুখৰ পৰা খেৰকটা পৰ্যন্ত ৰাজ্যিক ঘাই পথত অৱস্থিত অগণন বিপদজনক স্থান সমূহ চিনাক্ত কৰি সেইবোৰ আঁতৰ কৰাত মনোনিবেশ কৰা নাই লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা দন্দী নাথ মিলি আৰু তেঁওৰ বাহিনীয়ে।

এই স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত বিভাগীয় বিষয়াক বহুবাৰ সচেতন নাগৰিকে অৱগত কৰাৰ পাছতো ভ্ৰূক্ষেপ নাই বিভাগীয় বিষয়া-কৰ্মচাৰীৰ। নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষালৈ গুৰুত্ব নিদি অন্ধ মুনিৰ ভাওলৈ বিভাগটোৰ শীর্ষ পদবীত মৰ কামোৰ মাৰি বহি থকা কাৰ্যবাহী অভিযন্তা মিলিৰ এনে বেপৰোৱা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰা নীতিত পথচাৰী নাগৰিক অতিষ্ঠ হৈ পৰিছে।

কাৰ্যবাহী অভিযন্তা গৰাকীৰ এনে দায়িত্বহীন ভূমিকাৰ বিপৰীতে নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাস হ্যায়ালিংগে আৰু ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ এনেবোৰ জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাইজ সংগঠনে কামনা কৰিছে ।