লখিমপুৰ

বিহপুৰীয়াত তৰা চিৰা বিহু উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ অসমৰ অন্যতম জনগোষ্ঠী ঠেঙাল কছাৰী লোক সকলে চ’ত মাহৰ দ্বিতীয়টো বুধবাৰে পৰম্পৰাগতভাৱে পালন কৰি আহিছে তৰা চিৰা বিহু ৷ বিশেষকৈ গৰু বিহুৰ দিনা গৰু কেইটাক নপঘাৰে বান্ধিবৰ বাবেই এই প্ৰস্তুতি জনগোষ্ঠীটোৰ ৰাইজৰ ৷

বিহপুৰীয়াৰ বৰাইখনা গাৱঁৰ যুৱক সকলেও পৰম্পৰা অনুসৰিয়েই পালন কৰে তৰা চিৰা বিহু ৷ পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বৰাইখনাবাসীয়ে পালন কৰা তৰা চিৰা বিহুক লৈ গাওঁখনত সৃষ্টি হয় উখল মাখল পৰিৱেশৰ ৷ হেপাহৰ ৰঙালী বিহুটিক আদৰিবৰ বাবেই এতিয়া ব্যাপক প্ৰস্তুতি গাওঁখনত ৷