লখিমপুৰ

ঢকুৱাখনা মহাবিদ্যালয়ত ভোগালী মেলা

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ 'কেৱল পুথিগত শিক্ষা আৰু আৰ্জিত জ্ঞানেৰে মানৱ জীৱনৰ পূৰ্ণতা নানে। যদিহে স্বকীয় জাতীয় লোক কৃষ্টি পৰম্পৰাৰ সৈতে সম্পৃক্ত লোক গাঁথাৰ প্ৰণালীবদ্ধ চর্চা নাথাকে।' ঢকুৱাখানা মহাবিদ্যালৰ ভোগালী মেলাত উদ্বোধক হিচাপে উপ আয়ুক্ত কাৰ্ত্তিক কলিতা উপস্থিত থাকি এইদৰে মন্তব্য কৰে। উত্তৰ অসমৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ সমুজ্জল নক্ষত্ৰ স্বৰূপ ঢকুৱাখনা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসমীয়া গ্ৰাম্য জীবনৰ থলুৱা লোক পৰম্পৰাক কালৰ গতিত নজহা নপমাকৈ ৰাখি নৱ প্ৰজন্মক লুপ্ত প্ৰায় লোক পৰম্পৰাক পৰিচিত কৰি দিয়াৰ মানসেৰে শুক্ৰবাৰে অনুষ্ঠিত কৰে মনোজ্ঞ ভোগালী উৎসৱ।

মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলৰ যৌথ উদ্যোগত মহাবিদ্যালয় চৌহদত পুৱা অনুষ্ঠিত কৰা হয় এই ভোগালী উৎসৱ। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগানন্দ সূত ,উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচকে প্ৰমুখ্য কৰি সকলো শিক্ষক ,কৰ্মচাৰী ,শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ভোগালী মেলাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ , ইংৰাজী বিভাগ ,ৰসায়ন বিজ্ঞান বিভাগ , উদ্ভিদ বিজ্ঞান বিভাগ, নৃতত্ব বিজ্ঞান বিভাগ, ৰাজনীতি বিজ্ঞান বিভাগ, ইতিহাস বিভাগ , অসমীয়া বিভাগ , প্ৰাণী বিজ্ঞান বিভাগ , উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষ আদিৰ শিক্ষাৰ্থী সকলে গ্ৰাম্য জীৱনৰ বিভিন্ন থলুৱা খাদ্য সম্ভাৰ, বস্ত্ৰ সম্ভাৰৰ মুকলি বিপনি খুলি ঘৰুৱা ভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপনন কৰে।

তাৰোপৰি শিক্ষাৰ্থী সকলৰ দ্বাৰা স্ব-উৎপাদিত শাক পাচলি , কাপোৰ , ভিন্ন স্বাদৰ পিঠা পনা ,তিলৰ লাড়ু, চুঙা পিঠা,কোমল চাউল, জলপান আদি সুস্বাদু আহাৰৰ মুকলি বিপনন কৰে।

ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই শুভ উদ্বোধন কৰা এই ভোগালী মেলাত অসমীয়া জন জীৱনৰ সৈতে জড়িত থলুৱা আৰু পৰম্পৰাগত ৰচি টনা, কুকুৰা যুঁজ, সংগীত চকী, টেকেলি ভঙা আদি লুপ্তপ্ৰায় খেলাসমূহ শিক্ষক শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা হয় ।

মহাবিদ্যালয়ৰ নৃতত্ব বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক যুক্তি ৰত্ন শইকীয়াই এই প্ৰতিযোগিতা শুভ উদ্বোধন কৰে। মহাবিদ্যালয়ৰ এই দৃষ্টিনন্দন ভোগালী মেলাত উপস্থিত হৈ বহু সংখ্যক গ্ৰাহকে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হয় ।