লখিমপুৰ

অসম ব্ৰাহ্মণ সমাজৰ একাদশ মধ্যকালীন বাৰ্ষিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ অসম ব্ৰাহ্মণ সমাজৰ একাদশ মধ্যকালীন বাৰ্ষিক অধিৱেশনখনি যোৱা ২০ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহপুৰীয়া নগৰৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাঙ্গনস্থিত বটবৃক্ষ ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে প্ৰথম দিনা বিয়লি যাজ্ঞিক সকলৰ মুণ্ডন অনুষ্ঠান , শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু উপনয়নৰ অধিবাস, বন্তি প্ৰজ্বলন আৰু সন্ধিয়াৰে পৰা আৰতি পৰ্ব সম্পন্ন হয় ৷

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা এক ধৰ্মীয় মাংগলিক পৰিৱেশত যজ্ঞ আৰু উপনয়নৰ আভ্যুদয়িক শ্ৰাদ্ধৰ পিছতে বিহপুৰীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতি ড° ঈশ্বৰ শৰ্মা ভৰালীয়ে বিহপুৰীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ পতাকা, অভ্যৰ্থনা সমিতিৰ সম্পাদক বিশ্বনাথ শৰ্মাই অভ্যৰ্থনা সমিতিৰ পতাকা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰফুল্ল ভাগৱতীয়ে ধৰ্মধ্বজা উত্তোলন কৰে ৷

ইয়াৰ পিছতে ঋত্বিক বৰণ, শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞ আৰু উপনয়ন, যজ্ঞাগ্নি আহৰণ আৰু যজ্ঞাৰম্ভ, ভোগ বিতৰণ, সন্ধিয়া আৰতি আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰে৷ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি বেদমন্ত্ৰ পাঠ, যজ্ঞাৰম্ভ, পূৰ্ণাহুতি, শান্তি আৰু নিৰ্মালী প্ৰদান, উপনীতসকলক শিক্ষা প্ৰদান, অসম মহিলা ব্ৰাহ্মণ সমাজৰ কাৰ্য নিৰ্বাহক সভা আৰু সন্ধিয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা অসম ব্ৰাহ্মণ সমাজৰ ক্ৰমে সভাপতি খগেন গোস্বামীৰ দ্বাৰা অসম ব্ৰাহ্মন সমাজৰ পতাকা উত্তোলন , কাৰ্যকৰী সভাপতি অমূল্য শৰ্মাৰ আৰু মুখ্য উপদেষ্টা বীৰেণ শৰ্মাৰ দ্বাৰা স্মৃতি তৰ্পণ কৰা হয়৷

ইয়াৰ পাছতে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ড° ঈশ্বৰ শৰ্মা ভড়ালীয়ে ৷ দুপৰীয়া অসম ব্ৰাহ্মণ সমাজৰ সভাপতি খগেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে ৷ সভাত আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল ভাগৱতীয়ে লখিমপুৰ তথা বিহপুৰীয়াৰ ঐতিহ্য বৰ্ণনাৰে আদৰণি ভাষণ পাঠ কৰে ৷ সভাত কৰিমগঞ্জৰ বিশিষ্ট সংস্কৃত পণ্ডিত তপোময় ভট্টাচাৰ্য আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° গৌতম কাকতিয়ে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ অধিৱেশন উপলক্ষে অঞ্জলি গোস্বামীৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশ্ব ব্ৰাহ্মণ ফেডাৰেচনৰ অসম প্ৰান্তৰ সভাপতি সুনীল কুমাৰ গোস্বামীয়ে ৷

অসম ব্ৰাহ্মণ সমাজৰ সম্পাদক প্ৰধান তুতুল বৰঠাকুৰে আতঁ ধৰা সভা খনত প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ লগতে অসম ব্ৰাহ্মণ সমাজৰ ক্ৰমে উপসভাপতি কামাখ্যা প্ৰসাদ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক অতুল ভট্টাচাৰ্য , অসম যুৱ ব্ৰাহ্মণ সমাজৰ সভাপতি জয়ন্ত শৰ্মা, আৰু সত্ৰাধিকাৰ অৰুণ গোস্বামী উপস্থিত থাকে৷ অভ্যৰ্থনা সমিতিৰ সম্পাদক বিশ্বনাথ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা সভাত অপৰাজিতা ভাগৱতীয়ে এটি বৰগীত আৰু শ্ৰতিকন্ঠা পৰাশৰে বৰগীতৰ আধাৰত এটি নৃত্য পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷