মৰণ ফাণ্ড
মৰণ ফাণ্ড 
লখিমপুৰ

ঢকুৱাখনাৰ ব্যস্ত ৰাজপথত মৰণ ফাণ্ড ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনা মহকুমা সদৰৰ এটা অতি ব্যস্ততাপূৰ্ণ লোকনিৰ্মাণ বিভাগৰ ঘাইপথ । দৈনিক হাজাৰ বিজাৰ যান-বাহন চলাচল কৰে এই ঘাইপথেৰে । বৰ্হিজগতেৰে  নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ পীঠভূমি মাজুলীৰ পথ যোগাযোগৰ একমাত্ৰ পথ হিচাবেও এই পথৰ গুৰুত্ব সৰ্বাধিক। 

গোগামুখৰ পৰা ঘিলামৰা আৰু ঢকুৱাখনা হৈ মাজুলী সংযোগী এই  পথটোত এতিয়া এক মৰণফাণ্ড পতা পৰিলক্ষিত হৈছে । ঢকুৱাখনা নগৰৰ সকলোবোৰ  শিক্ষানুষ্ঠান, চিকিৎসালয়, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান উপলব্ধ এই গুৰুত্বপূৰ্ণ ঢকুৱাখনা-খজুৱা লোকনিৰ্মান পথৰ ফাটবিহু বাকৰিৰ সমীপত বিপদজনক ভাবে স্থাপন কৰা হৈছে এটা স্থায়ী সুউচ্চ বিজ্ঞাপন স্তম্ভ । 

যিটো পথচাৰীৰ বাবে পৰিগণিত হৈছে মৰমফাণ্ড হিচাবে । পথৰ একেবাৰে দাঁতিত স্থাপিত এই স্তম্ভটো কি যুক্তি আৰু চুক্তিত চৰকাৰী ভূমি দখলেৰে জনজীৱন বিপদাপন্ন কৰি স্থাপন কৰিবলৈ লোকনিৰ্মান (পথ)বিভাগে অনুমতি দিলে সেয়া এক চৰ্চাৰ বিষয় হৈছে ৰাইজৰ মাজত ।

ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগ, ঢকুৱাখনা পৌৰ সভা, ঢকুৱাখনা মহকুমা প্ৰশাসন, ঢকুৱাখনা ৰাজহ চক্ৰ বিভাগৰ জ্ঞাতে আৰু চকুৰ সন্মুখতে কোনে আৰু কিয় বিপদজনক আৰু অকৰ্তৃত্বশীল ভাবে ৰাজপথৰ দাঁতিত এই স্থায়ী স্তম্ভটো নিৰ্মাণ কৰি জনজীৱনলৈ চূড়ান্ত ভাবুকি মাতি আনিবলৈ মৰসাহ কৰিলে সেয়া ঢকুৱাখনাবাসীৰ বাবে সাঁথৰ স্বৰূপ হৈ পৰিছে ।

লোকনিৰ্মাণ বিভাগে ৰাজপথৰ নীতি নিৰ্দেশনা উলংঘা কৰি, "চাইড বাম"ৰ ওপৰত প্ৰতিনিয়ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ইংগিত আৰু আশংকা বহন কৰি স্থাপন কৰা এই স্তম্ভটো উচ্ছেদ কৰিবলৈ বা স্থানান্তৰ কৰিবলৈ সাহস কৰিব নোৱাৰাটোৱে দৰাচলতে নাগৰিকৰ জীৱনক লৈ হেতালি খেলাতহে মনোনিবেশ কৰা এই অবিবেচকী কাৰ্যক সাৰ পানী যোগোৱা বুলি ঢকুৱাখনাৰ সৰ্বত্ৰে চৰ্চা চলিছে ।

এই ক্ষেত্ৰত পৌৰ সভা, মহকুমা প্ৰশাসনৰো বেপৰোৱা ভূমিকাই সৰ্ব সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিয়াত যে তিলমানো দায়বদ্ধ নহয় সেয়া প্ৰতিপন্ন হৈছে । কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ এৰি দি তাৰেই ক্ষণ গণি থকা এনেবোৰ চৰকাৰী বিভাগ আৰু প্ৰশাসনীয় ব্যৱস্থাক কাবু কৰি ৰখা কোন চক্ৰই কি শক্তিৰে এই স্থায়ী মৰণফান্দ ৰাজপথৰ দাঁতিত স্থাপন কৰিবলৈ অনুমতি লাভ কৰিলে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে ।

সদাব্যস্ত পথটোৰ দাঁতিৰ 'কাৰ্পেটিং'ৰ পৰা প্ৰায় ২ ফুট মান আঁতৰতে মৃত্যুদূত সদৃশ হৈ থিয় দি থকা এই স্তম্ভটোত শেহতীয়া ভাবে বিধায়ক নব দলেৰ ফটো সম্বলিত শুভেচ্ছাবাণী সংযুক্ত হোৱাত ৰজাঘৰীয়া প্ৰশাসন, লোকনিৰ্মান বিভাগ, পৌৰসভা সকলো নিবোকা চামুন হৈ 'যি হয় হওক' নীতি গ্ৰহণ কৰি থকাৰ গোপন ৰহস্য উন্মোচিত হৈছে ।

সাধাৰণ ৰাইজে এনেবোৰ প্ৰশাসনীয় শক্তিহীন বিভাগৰ দায়বদ্ধহীনতাত অতিষ্ঠ হৈ এইক স্তম্ভটো স্থানান্তৰ কৰাত তাৎক্ষণিক ভাৱে মনোনিবেশ কৰিবলৈ লখিমপুৰ জিলাৰ উপায়ুক্তৰ লগতে, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক, অভিযন্তাক দাবী জনাইছে ।

উল্লেখযোগ্য যে সমাগত ফাটবিহুৰ সময়ত লক্ষ লক্ষ দৰ্শকৰ জনসমাগমৰ পূৰ্বে এই স্তম্ভটো উচ্ছেদ অথবা স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া সম্পন্ন নকৰিলে এক অনাহুত পৰিস্থিতিৰ যে সূত্ৰপাত হব সেয়া সহজেই অনুমেয় ।