লখিমপুৰলৈ ৰাওনা CID ৰ দলঃ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত হৈছে নকল সোণৰ প্ৰসংগও...
লখিমপুৰলৈ ৰাওনা CID ৰ দলঃ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত হৈছে নকল সোণৰ প্ৰসংগও...  
লখিমপুৰ

লখিমপুৰলৈ ৰাওনা CID ৰ দলঃ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত হৈছে নকল সোণৰ প্ৰসংগও...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ চাঞ্চল্য সৃষ্টি কৰা আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছত এতিয়া এটাৰ পাছত আন এটাকৈ নিত্য নতুন তথ্য পোহৰলৈ অহাৰ সমান্তৰালকৈ বিভিন্ন প্ৰশ্নৰ উদঘাটন কৰিছে। এনে চাঞ্চল্যৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে এই ঘটনাৰ চি আই ডি তদন্তৰ কথা ঘোষণা কৰিছিল।

তাৰেই পৰিণতিত আজি পুৱাই লখিমপুৰলৈ ৰাওনা হৈছে চি আই ডিৰ এটা দল। উল্লেখ্য যে, জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পূৰ্বে ১৫ মে'ত লখিমপুৰ সদৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ১৮৩/২০২৩ নম্বৰত এক গোচৰ।

ভাৰতীয় দণ্ডবিধিৰ 120 B, 395, 397, 342, 387 ধাৰাত এই গোচৰ ৰুজু হৈছিল। গোচৰটো ৰুজু কৰছিল আমিনা খাটুন নামৰ এগৰাকী মহিলাই। এই মহিলা গৰাকীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ পুত্ৰ আজগৰ আলীক কৰায়ত্ত কৰিবলৈ নগাঁৱৰ পৰা লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা আৰু নগাঁৱত আটক কৰা কেইবাজনো অভিযুক্ত।

পৰৱৰ্তী সময়ত ধনৰ বিনিময়ত অত্যাচাৰ চলাই আমিনা খাটুনৰ পুত্ৰক এৰি দিয়া বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। আমিনা খাটুনে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰক এৰি দিয়াক কেন্দ্ৰ কৰি নগদ ৬ লাখ ৮০ হাজাৰ টকাৰ লেনদেন হৈছিল।

ইফালে আন হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি ৰাভাৰ এয়া দুৰ্ঘটনা নহয় বৰঞ্চ হত্যাহে বুলি মুকলি অভিযোগ উত্থাপন কৰিছে। তেওঁ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নাওবৈচাৰ আই চিৰ বিৰুদ্ধেও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।

সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ তেওঁ অভিযোগ কৰি কৈছে নকল সোণ চক্ৰৰ সৈতে জড়িত হৈ আছে নাওবৈচাৰ আই চি। ইয়াৰ উপৰিও হাছিনা বেগমে কৈছে আজগৰ আলী নকল সোণ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি তেওঁৱেই অভিযোগ কৰিছিল।

তেওঁৰ খবৰৰ আলমতে আজগৰ আলীক ধৰিবলৈ লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা। মহিলাগৰাকীয়ে অভিযোগ কৰা মতে দুই এদিনতে জোনমণি ৰাভাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নকল সোণ সৰবৰাহ কৰা এই চক্ৰটোৱে তেওঁৰ আগত ভাবুকি প্ৰদান কৰিছিল।

সেয়ে এই গোটেইবোৰ বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ আজি পুৱাই লখিমপুৰলৈ ৰাওনা হৈছে চি আই ডিৰ এটা দল। এই দলটোত আছে তিনিজন সদস্য। দলটোৰ নেতৃত্বত আছে চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা।