লখিমপুৰ

পূব ঢকুৱাখনাত সমবায়ৰ ১১শ কুইণ্টল চাউল হৰলুকী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক বিতৰণ নকৰি  কলা বজাৰত বিক্ৰী কৰাৰ দৰে এক জঘন্য অনিয়ম সংঘটিত হৈছে ঢকুৱাখনাত। ঢকুৱাখনা মহকুমাৰ খাদ্য আৰু অসামৰিক যোগানও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত পূব ঢকুৱাখনা সমবায় সমিতি লিমিটেডৰ দুৰ্নীতিগ্ৰস্ত সভাপতি ভৱেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ নেতৃত্বত সংঘটিত হৈছে এই চৰকাৰী খাদ্য সামগ্রীৰ কলা বজাৰত বিক্ৰীৰ নিকৃষ্ট বেহা।

উন্মোচিত তথ্য মতে সমবায়খনৰ পৰিচালনা সমিতিখনৰ অকমন্যতা আৰু সভাপতি, সচিবৰ লুণ্ঠনকাৰী চৰিত্ৰৰ বাবে দৰিদ্ৰ হিতাধিকাৰীৰ মুখৰ ভাত কাঢ়ি ধন চপাবলৈ পৰ্যায় ক্ৰমে চোৰাং বজাৰত বিক্ৰী কৰিছিল প্ৰায় ১১শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল। পৰৱৰ্তী সময়ত সময়মতে আৰু নিৰ্ধাৰিত পৰিমাণৰ  চাউল নিয়মীয়া ভাৱে গ্ৰামাঞ্চলৰ হিতাধিকাৰীসকলে লাভ নকৰাৰ পাছত বিষয়টো পোহৰলৈ অহাৰ পাছত বিগত প্ৰায় ২০২০ চনৰ পৰাই মাহিলি আবন্তিত চাউলৰ বিশাল অংশ কলা বজাৰলৈ যোৱাটো নিশ্চিত হয়।

শেহতীয়া ভাৱে চলিত জুন মাহত এই চাউলৰ পৰিমাণ প্ৰায় ১১শ কুইণ্টল হোৱা বুলি তথ্য লাভ কৰাত সমবায় সমিতিখনৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী খাদ্য সামগ্ৰী হৰলুকী হোৱা নিকৃষ্ট ঘটনাৰ সন্দৰ্ভত মহকুমাধিপতি কাৰ্তিক কলিতাক অভিযোগ দি তদন্তৰ দাবী জনায় । মহকুমা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত কৰি থকাৰ সময়তে পুনৰ একাংশ ভুক্তভোগী ৰেচন কাৰ্ড যুক্ত পৰিয়ালে মহকুমা প্ৰশাসনক এক অভিযোগ দাখিল কৰিছে ।

পৰিচালনা সমিতিৰ কাণ্ডজ্ঞানহীনতা আৰু সভাপতি সচিবৰ লুণ্ঠনকাৰী চৰিত্ৰৰ বাবে দৰিদ্ৰ ৰেচন কাৰ্ড বিশিষ্ট হিতাধিকাৰী সকলক প্ৰাপ্য চাউল যোগান ধৰাত এজেণ্টসকল ব্যৰ্থ হৈছে বুলি হিতাধিকাৰীসকলে অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত এই নিৰপেক্ষ তদন্ত কৰাৰ বাবে দাবী জনায় । তাৰোপৰি অপহৃত ১১,শ কুইণ্টল চাউল উভতাই আনি দৰিদ্ৰ হিতাধিকাৰী সকলৰ মাজত বিতৰণৰ সু-ব্যৱস্থা কৰাৰ আহ্বানেৰে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে।

গঞা দৰিদ্ৰৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আবন্তিত এক গ্ৰাম চাউল হৰলুকী হলেও এজেণ্ট সমবায় সমিতি সকলোৱে জেলৰ ভাত খাব বুলি সকীয়নী দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কেৰেপ নকৰি ৰাজনৈতিক শক্তিৰে বলিয়ান এনেবোৰ লুণ্ঠনকাৰীক নাকি লগোৱাত মহকুমা প্ৰশাসন কিমান সফল হয় সেয়া ভুক্তভোগী গঞা ৰাইজৰ বাবে পৰৱৰ্তী লক্ষণীয় হব ।