অসম

দিল্লীত ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' শীৰ্ষক আলোচনা চক্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' বিষয়ক আলোচনাচক্র অনুষ্ঠিত হয়।

আলোচনাচক্ৰ খন সঞ্চালনা কৰে অসমৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জিষ্ণু বৰুৱাই। লগতে আলোচকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্র গুপ্ত কাশ্যপ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাৰ লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তি।

আলোচক সকলে এই অনুষ্ঠানত আহোমসকলৰ সামৰিক নৈপুণ্যতাৰ লগতে অসম, ভাৰত তথা সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ ইতিহাসত তেওঁলোকৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰে। আহোমসকলৰ প্ৰশাসনিক আৰু সামৰিক গাঁথনি আৰু আৰ্থ-সামাজিক ব্যৱস্থাৰ কথাইও গুৰুত্ব লাভ কৰে এই আলোচনাত ।

আলোচনাত অংশগ্রহণ কৰি অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান প্ৰকাশ সিঙে কয় যে আহোম সকলে তেওঁলোকৰ ৰাজ্যত বিদেশী আক্রমণকাৰীৰ আগ্ৰাসন সফলভাৱে প্ৰতিহত কৰিছিল। লাচিত বৰফুকনে জন্মসূত্ৰেই লাভ কৰা শৌর্য, দেশপ্ৰেম আৰু ৰাজনৈতিক পৰিপক্কতাই তেওঁক এগৰাকী দক্ষ আৰু সফল আহোম সেনাপতিৰূপে প্রতিষ্ঠিত কৰিছিল। এই প্ৰসংগত মোগলৰ বুৰঞ্জীবিদসকলে লাচিত বৰফুকনে কৰা প্ৰশংসাৰ কথাও তেওঁ উল্লেখ কৰে।

ড° সমুদ্র গুপ্ত কাশ্যপে অসমে সন্মুখীন হোৱা বিভিন্ন বহিঃ আক্ৰমণৰ বিৱৰণ দাঙি ধৰি বীৰ লাচিত বৰফুকন এক গৱেষণাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ দেশৰ ৰাজধানী চহৰ দিল্লীত বীৰ লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰি এন চি ই আৰ টিৰ পাঠ্যক্ৰম আৰু এন ডি এ আদিৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে।

অধ্যাপক চন্দন কুমাৰ শৰ্মাই পুৰণি বুৰঞ্জী আৰু বিদ্যায়তনিক গ্রন্থৰাজিত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনৰ বিষয়ে বিভিন্ন তথ্যপাতিসহ ব্যাখ্যা আগবঢ়ায়। তেওঁ অসমৰ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত লাচিতৰ প্ৰসংগিকতাৰ কথাও উল্লেখ কৰে।

লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই বর্তমান প্রেক্ষাপটত লাচিত বৰফুকনৰ সামৰিক দক্ষতাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এজন সফল সেনানায়কে যুদ্ধক্ষেত্ৰতৰ ভৌগোলিক পৰিবেশ আৰু বতৰ নিজৰ ৰণনীতিৰ অনুকূল কৰি ব্যৱহাৰ কৰে । লাচিত বৰফুকনেও শৰাইঘাটৰ নৌযুদ্ধত এই ৰণনীতি সফলভাবে প্রয়োগ কৰিছিল।

আন এগৰাকী আলোচক কপিল কাপুৰে বিভিন্ন ভাৰতীয় বীৰৰ সৈতে আহোম সেনানায়কজনৰ তুলনা কৰি লাচিতে অসমত মুছলমান প্ৰতিৰোধ কৰি দক্ষিণ পূব এছিয়াৰে ইতিহাসৰ গতি প্ৰভাৱিত কৰিছিল বুলি কয়।

আলোচনাত ভাগ লৈ শিক্ষাবিদ কুলদীপ পাটোৱাৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বুৰঞ্জীৰ তুলনাৰে আহোমসকলৰ সামাজিক গাঁথনি, সেনা প্রশাসন ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ কৰি আহোমৰ সাহস, বীৰত্ব, নৈপুণ্যক বহুল অৰ্থত অসমীয়াৰ সাহস, বীৰত্ব আৰু নৈপুণ্য বুলি কয়।

উল্লেখ্য যে ২০২২ বৰ্ষ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মবর্ষ। অসম চৰকাৰে এই জন্ম বৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল।

আৰু পঢ়ক: সীমান্তত সংঘৰ্ষ! মেঘালয়ৰ একাংশই মাইকযোগে উচতাইছিল স্থানীয় লোকক, গোচৰ ৰুজু