অসম

অমৃত সৰোবৰৰ খনন বন্ধ কৰিলে জীপাল কৃষক শ্ৰমিক সংঘই

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ স্থানীয় ৰাইজৰ সহযোগত জীপাল কৃষক শ্ৰমিক সংঘই বন্ধ কৰি দিলে ঐতিহাসিক কুৰুৱাবাহীলৈ ভয়াৱহতা কঢ়িয়াই অনা নিৰ্মীয়মান অমৃত সৰোবৰ প্ৰকল্পৰ কাম ।

উল্লেখযোগ্য যে প্ৰায় ১ একৰ ভূমি সামৰি তথা ১১.৯৬ লাখ টকা ব্যয় সাপেক্ষে খান্দি থকা উক্ত বৃহৎ জলাশয়টোৱে শংকা বঢ়াইছিল বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চললৈ।

বোকাখাত বিধান সভা সমষ্টিৰ বিহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেৰবিলৰ দক্ষিণ অংশত কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে খনন কৰি থকা হৈছিল এই বৃহৎ জলাশয়টো।যি ঘণীভূত কৰিছিল ভয়াৱহ গৰাখহনীয়াৰ আশংকা।

উল্লেখযোগ্য যে উক্ত প্ৰকল্প স্থলীৰ পৰা মাত্ৰ এশ মিটাৰ আঁতৰতে আছে ধনশিৰি নৈ। যি বাৰিষা হ'লেই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ইতিমধ্যে কেইবাবাৰো উক্ত স্থানত নদীখনে সৃষ্টি কৰি আহিছে ভয়ংকৰ খহনীয়াৰ।

যাৰ বাবে ভবিষ্যতে বৃহৎ পুখুৰীটোও নদীখনৰ খহনীয়াৰ গ্ৰাসত পৰাৰ আশংকা কৰাৰ লগতে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ৫০ খনৰো অধিক গাঁৱৰ প্ৰতি ভয়ংকৰ বিপদ অহাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি ঐতিহাসিক কুৰুৱাবাহী সত্ৰলৈও ভাবুকি কঢ়িয়াই অনাৰ আশংকাত শীঘ্ৰেই ইয়াৰ খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই বিগত সপ্তাহতে বোকাখাতৰ মহকুমাধিপতিক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছিল নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে, কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতি তথা স্থানীয় ৰাইজে।

ইফালে স্থানীয় ৰাইজৰ দাবীকো আওকাণ কৰি খনন কাৰ্য অব্যাহত ৰখাত ক্ষুদ্ধ হৈ পৰা জীপাল কৃষক শ্ৰমিক সংঘই বৃহস্পতিবাৰে উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বন্ধ কৰি দিলে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য।

উল্লেখযোগ্য যে ঐতিহাসিক কুৰুৱাবাহীত উক্ত খনন কাৰ্য্যৰ দ্বাৰা সংশ্লিষ্ট বিভাগে খাল খান্দি ঘৰিয়াল চপোৱা বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী অতুল বৰাক বোকাখাতৰ ইতিহাস অধ্যয়ন কৰাৰ আহ্বান কৃষক নেতা সোণশ্বৰ নৰহৰ।