অসম

অসম আন্দোলনৰ অগ্ৰণী নেতা, অধ্যাপক কুলধৰ চমুৱাৰ পৰলোক প্ৰাপ্তি

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ সমাজ জীৱনৰ এগৰাকী অন্যতম পুৰোধা,অসম আন্দোলনৰ অন্যতম অগ্ৰণী নেতা তথা গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয় অবসৰপ্ৰাপ্ত অধ্যাপক , গোলাঘাট নগৰৰ তপন নগৰৰ নিবাসী কুলধৰ চমুৱাৰ দেওবাৰে পুৱা ১০.৩০ বজাত নিজা বাসভৱনত মৃত্যু হয় । ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে ওৰেটো জীবন মানৱ সম্পদ নিৰ্মাণত ব্ৰতী হোৱা অধ্যাপক গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি সমগ্ৰ গোলাঘাট জিলাত গভীৰ শোকৰ ছাঁ পৰে।

অতি অমায়িক, ভদ্ৰ, পৰোপকাৰী, মৃদুভাষী চমুৱাৰ মৃত্যুৱে সকলোকে শোকাহত কৰি তুলিছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। নগাঁও জিলাৰ জখলাবন্ধাত জন্মগ্ৰহণ কৰা কুলধৰ চমুৱাই গুৱাহাটী ডনবস্ক' স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰবৰ্তী সময়ত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।

ইয়াৰ পাছতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৩ চনত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে । এই খন মহাবিদ্যালয়তে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি চমুৱাই ২০০০ চনত অবসৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে কুলধৰ চমুৱা গন সংগ্ৰাম পৰিষদৰ আহ্বায়ক হিচাপে অসম আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ নেতৃত্ব বহন কৰিছিল ।

আন্দোলনৰ সময়ত তেওঁ বহু বাৰ আৰক্ষীৰ অত্যাচাৰৰো বলি হ'বলগীয়া হৈছিল। অসম আন্দোলনৰ সময়ত গোলাঘাট জ্যোতিৰ্ময় উদ্যানত অনুষ্ঠিত হোৱা এক সভাত প্ৰখ্যাত সাংবাদিক কুলদ্বীপ নায়াৰে ইংৰাজীত দিয়া এক দীঘলীয়া ভাষন কুলধৰ চমুৱাই লগে লগে তৰ্জমা কৰি অসমীয়ালৈ অনুবাদ কৰি যোৱা স্মৃতি আজিও গোলাঘাট বাসীৰ মনত সজীৱ হৈ আছে । জাতীয়তাবাদী ভাবধাৰাৰ ব্যক্তি হিচাপে চমুৱাই কোনো দিনেই জাতীয়তাবাদৰ সৈতে আপোচ কৰা নাছিল ।

গোলাঘাটৰ সমাজ জীৱনত সদায়েই আগৰণুৱা ব্যক্তি হিচাপে পৰিচিত চমুৱাই অসম উন্নতি সভা, নাগৰিক মঞ্চ, গ্ৰাহক সুৰক্ষা সংস্থা, তপন নগৰৰ সাৰ্বজনীন নামঘৰ সমাজ আদিকে ধৰি বহু অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত চমুৱাই পত্নী আৰু একমাত্ৰ পুত্ৰ সহ বহু আত্মীয় স্বজন এৰি থৈ গৈছে ।

তেওঁৰ মৃত্যুত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, অগপ গোলাঘাট জিলা পৰিষদৰ সভাপতি ড° নৃপেন বৰুৱা, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ সভাপতি ড° অজিত বৰুৱা, প্ৰশাসনীয় সম্পাদক দীপমণি খাটনিয়াৰ, গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলী আদিকে ধৰি একাংশ দল সংগঠনে সমবেদনা জ্ঞাপন কৰে।