কলিয়াবৰৰ দুই শিশু বিজ্ঞানীৰ চমকঃ চিংগাপুৰ ভ্ৰমণৰ সুযোগ...
কলিয়াবৰৰ দুই শিশু বিজ্ঞানীৰ চমকঃ চিংগাপুৰ ভ্ৰমণৰ সুযোগ... 
অসম

কলিয়াবৰৰ শিশু বিজ্ঞানীৰ চমকঃ চিংগাপুৰ ভ্ৰমণৰ সুযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰ: বাহনেৰে ৰাজপথত থকা গতিৰোধক অতিক্ৰম কৰোতে যাত্ৰীসকলে এক জোকাৰণি অনুভৱ কৰে, ঠিক সেইদৰে ধীৰ গতিত গতিৰোধক অতিক্ৰম কৰিলেও অনুভূত হয় জোকাৰণি । ৰোগী আৰু বয়সস্থ লোকৰ বাবেও ই অতি কষ্ট দায়ক ব্যৱস্থা।

এই ব্যৱস্থা তাহানিৰ পৰা চলি আহিছে যদিও এই সমস্যা দূৰ কৰিবৰ বাবে তিনিগৰাকী শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছে বিকল্প চিন্তা । কলিয়াবৰ মহকুমাৰ জখলাবন্ধাস্থিত বাঘজানৰ বিমলা একাডেমী নামৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়খনৰ তিনিগৰাকী শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এক বিকল্প উপায় ।

বিদ্যালয়খনৰ শিক্ষক যতীন বৰাৰ তত্বাৱধানত তিনি শিশু বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এক গতিৰোধক, যি গতিৰোধকৰ ওপৰেৰে ২০ কিলোমিটাৰ গতিৰে গাড়ী পাৰ হ'লেও কোনো ধৰণৰ জোকাৰণিৰ সৃষ্টি নহয়। ইয়াৰ বিপৰীতে গতি যিমানেই বৃদ্ধি হ'ব জোকাৰণিৰ পৰিমাণ সিমানেই বৃদ্ধি পাব এই গতি ৰোধকত ।

একাডেমীখনৰ সপ্তম শ্ৰেণীৰ কৃষ্টি ছেত্ৰী, অনিমেষ শৰ্মা আৰু আৰমান শ্বেখ নামৰ তিনি ছাত্ৰ-ছাত্ৰীয়ে "নন ইউটেৰীয়ান ৰাবাৰ শ্লিপ" নামেৰ প্ৰস্তুত কৰি উলিয়াইছে এটি জাৰ্কিং ষ্টপ মডেল । তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত "North East Mega Science Exhibition" ত প্ৰথম স্থান লাভ কৰাৰ পাছত দ্যা স্পেছ টেকনলজি ক্লাৱে গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজত অনুষ্ঠিত কৰা "North East Mega Science Exhibition" টো শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হয় এই মডেলটিয়ে ।

জানিব পৰা মতে, মডেল নির্মাণকাৰী শিশু বিজ্ঞানী কেইগৰাকীক বঁটা, নগদ ধনৰ লগতে চিংগাপুৰ ভ্ৰমণৰ সুবিধাও আগবঢ়োৱাইছে উদ্যোক্তা সংগঠনটোৱে। প্ৰশিক্ষক গৰাকীয়েও বঁটা আৰু দলটোৰ লগত চিংগাপুৰ ভ্ৰমণৰ সুবিধা লাভ কৰে।

ছাত্ৰ-ছাত্ৰীৰ দলটোৰ এই কৃতিত্বত বিদ্যালয়ৰ ছাত্ৰ-শিক্ষকৰ লগতে অভিভাৱক সকলেও আনন্দ প্ৰকাশ কৰিছে । শিশু বিজ্ঞানী কেইগৰাকীয়ে উদ্ভাৱন কৰা এই ব্যৱস্থা বাস্তৱত কাৰ্য্যকৰী হলে পথ পৰিবহন যাত্ৰীসকলৰ বাবে সুখকৰ হ'ব বুলিও অনুভৱ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।