অসম

কোকৰাঝাৰত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতি

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- আদিৱাসী সকলৰ কেবাটাও দাবীৰ সমৰ্থনত আদিৱাসী ছেঙ্গেল অভিযানৰ দ্বাৰা দেশৰ পাঁচ ৰাজ্যত শনিবাৰে ৰে'লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। সামন্তৰালভাৱে অসমৰ কোকৰাঝাৰ জিলাৰ ছালাকাটিতো আদিবাসী ছেঙ্গেল অভিযানে ৰে'লপথ অৱৰোধ কৰিবলৈ প্ৰচেষ্টা কৰে ৷

মাৰাংবুৰু(পাৰছনাথ)ক আদিবাসী সকলক উভতাই দিয়া , আদিবাসী সকলৰ “ছাৰণা ধৰ্ম“ৰ কোড মৰ্য্যদা প্ৰদান কৰা ,অসমৰ আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কোকৰাঝাৰৰ ছালাকাটি ৰেল ষ্টেছনত

আদিবাসী ছেঙ্গেল অভিযান ,অসম ৰাজ্যিক কমিটিৰ আহ্বানত ৰে'ল অৱৰোধ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে আদিবাসী ছেঙ্গেল অভিযানৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সোহন হেমব্ৰমে ৷ ৰে'লপথ অবৰোধ কৰিবলৈ ছালাকাটিৰ বৰঝাৰাত উজনি অসমৰ উপৰিও নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ আদিবাসী লোক সমৱেত হয়।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলাৰ লগতে অৱৰোধকাৰীক বাধা প্ৰদানৰ বাবে ৰে'ল অৱৰোধ কৰিব বিচৰা শ শ ঘেৰি ধৰে । আনকি গাঁৱে-ভূঞে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ শ শ জোৱান মোতায়ন কৰা হয় ৷

কিছুসময় পাছতেই প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতি হয় । ৰে'লপথ অৱৰোধ কৰাৰ স্থিতিত আঁকোৰগোজ প্ৰতিবাদকাৰী । কাৰ্যবাহী দণ্ডাধীশৰ ঘোষণা কৰে যে আন্দোলন বেআইনী । প্ৰতিবাদকাৰীক আধাঘণ্টাৰ সময়সীমা বান্ধি দিয়ে অন্যথা গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰে। প্ৰতিবাদৰ পৰিস্থিতি ক্ৰমান্বয়ে অবনতি ঘটে । লাঠীচাৰ্জৰ পূৰ্ণ সম্ভাৱনা আছে ।

আৰু পঢ়ক: নাগালেণ্ড নিৰ্বাচনঃ বিজেপিৰ কাজেটো কিনিমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত