অসম

বিনা বেতনে মহাবিদ্যালয়ৰ অধ্যক্ষই ল’লে অৱসৰ…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়ে সোমবাৰে বিনাবেতনে অধ্যক্ষ পদৰ পৰা অৱসৰ লৈছে। ১৯ বছৰ পূৰ্বেই শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষকৰ চাকৰি এৰি স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদানৰ পিছত সোমবাৰে আনুষ্ঠানিকভাৱে বিনা বেতনে অৱসৰ ললে ড° পৰেশ চন্দ্ৰ ৰায়ে । সোমবাৰে অৱসৰৰ দিনটোত আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ মুহুৰ্তত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ -ছাত্ৰী , কৰ্মচাৰী কান্দোনত ভাগি পৰে ।

শক্তি আশ্ৰম অঞ্চলত উচ্চশিক্ষানুষ্ঠান গঢ় দিয়াৰ স্বাৰ্থতে বিষয় শিক্ষকৰ পদ এৰি অধ্যক্ষৰ দায়িত্ব লোৱা ড° পৰেশ চন্দ্ৰ ৰায়ৰ দিনতে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ হ'ল যদিও নতুন শিক্ষানীতিৰ নিয়মাৱলীৰ বাবে অধ্যক্ষ হিচাপে ড°পৰেশ চন্দ্ৰ ৰায়ৰ পদ প্ৰাদেশীকৰণ নোহোৱাত অতি দূৰ্ভাগ্যজনকভাৱে বিনাবেতনে অৱসৰ ল'বলগীয়া হয় । শেহতীয়াভাৱে চৰকাৰে ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা যিসকল শিক্ষাৰ্থীয়ে পিএইচডি ডিগ্ৰী লৈছিল তেওঁলোকৰ ডিগ্ৰীৰ সত্যাসত্য নিৰূপন কৰিবলৈ লোৱাত ৰাজ্যৰ বহুসংখ্যক কলেজত কাম কৰি থকা শিক্ষাৰ্থীয়ে পলমকৈ ৰিপৰ্টকাৰ্ড পোৱা হেতুকেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলেজ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ বা টিউটৰ পদৰ পৰাও বঞ্চিত হ'ব লগা হয় ।

কাৰিকৰী অসুবিধাজনিত কাৰণৰ বাবেই ড° পৰেশ চন্দ্ৰ ৰায়ো বেতন বঞ্চিত হৈ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। নিস্বাৰ্থ ত্যাগ আৰু মহানতাৰ বাবে পৰিচিত ড° পৰেশ চন্দ্ৰ ৰায় সোমবাৰে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লোৱাৰ পিছত সেয়েহে হয়তো ছাত্ৰ-ছাত্ৰী- শিক্ষকবৃন্দ কান্দোনত ভাগি পৰিছে । ইফালে, সদ্যপ্ৰাক্তন অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়ে বিনা বেতনে অৱসৰ গ্ৰহণ কৰাৰ পিছতো কাৰো প্ৰতি বিদ্বেষ নাই বুলি মন্তব্যৰে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছে ।