ধাৰাসাৰ বৰষুণত নিৰ্মাণৰ দুমাহতে খহিঁল অৰুণাচলৰ ১৮০কোটিৰ ৰাষ্ট্ৰীয় ঘাইপথ…VIDEO

ধাৰাসাৰ বৰষুণত নিৰ্মাণৰ দুমাহতে খহিঁল অৰুণাচলৰ ১৮০কোটিৰ ৰাষ্ট্ৰীয় ঘাইপথ…VIDEO

ধাৰাসাৰ বৰষুণত নিৰ্মাণৰ দুমাহতে খহিঁল অৰুণাচলৰ ১৮০কোটিৰ ৰাষ্ট্ৰীয় ঘাইপথ…VIDEO

ডিজিটেল সংবাদ, ইটানগৰঃ মুখ্যমন্ত্ৰী পেমা খান্দুৰ সপোন সপোন হৈয়ে ৰ'ব নেকি? যুৱ মুখ্যমন্ত্ৰী পেমা খান্দুৱে ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈ গড়কাপ্তানী বিভাগটো নিজৰ হাততে ৰাখিছিল। উদ্দেশ্য আছিল ৰাজ্যখনৰ বিদ্ধস্তপ্ৰায় পথসমূহৰ উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত আৰু জনসাধাৰণৰ বাবে উপযোগী কৰি তোলা। বিগত তিনিবছৰ ধৰি ইটানগৰ-বান্দৰদেৱাৰ মাজৰ ৩২ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম চলি আছিল। এই পথচোৱাৰ প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছিল যোৱা ডিচেম্বৰ মাহ পৰ্যন্ত।

সময়মতে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে বিভিন্ন পক্ষৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী পেমা খান্দু। কিন্তু ডিচেম্বৰ মাহত সকলোকে আচৰিত কৰি এক সংবাদ মেলত মুখ্যমন্ত্ৰী পেমাই মোষণা কৰিছিল যে ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ১৩ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'লে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। চাৰিওফালে মুখ্যমন্ত্ৰী পেমা খান্দুৰ সাহসী স্থিতিক লৈ ব্যাপক চৰ্চা হ'ল। মুখ্যমন্ত্ৰীৰ সন্মানৰ প্ৰশ্ন জড়িত হৈ পৰাত নিৰ্মাণ প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিং কনচৰ্টিয়ামে যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কাৰ্য আগুৱাই নিলে ।

পেমা খান্দুৱে টুইটাৰযোগে ২৮ মাৰ্চতেই পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলিও সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কথা দি কথা ৰাখিলে। পাছে যোৱা দুদিন ধৰি ইটানগৰত হোৱা বৰষুণত ইটানগৰৰ ডি-চেক্টৰত ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৃহৎ অংশ এটা খহি পৰে। নলাৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে বৰষুণৰ সময়ত চাৰিলেন পথটো এখন খৰশ্ৰোতা নদীলৈ ৰূপান্তৰিত হয়।

পেমা খান্দুৱে টুইটাৰযোগে ২৮ মাৰ্চতেই পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলিও সদৰি কৰিছিল

প্ৰায় ১৮০ কোটি টকাৰে নিৰ্মান কৰা ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দুমাহেই নহ'ল। পথ নিৰ্মাণ সঠিক নোহোৱা বাবে যোৱা নিশা পথৰ ওপৰৰ পানী বাগৰি গৈ ইটানগৰৰ গংগা বজাৰৰ শতাধিক দোকানত সোমায়গৈ। যি নহওঁক, কথা ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ সপোনৰ পথ নিৰ্মাণ হ'ল যদিও ৰাইজৰ অসন্তুষ্টি নকমিল। এয়াই হ'ল অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰৰ পুজিৰে ৰাজ্য উন্নয়ন কৰাৰ প্ৰকৃত ছবি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in