অসম

কবিতা ১৩৭/ বিদায় বন্ধু

Asomiya Pratidin

- সীমান্ত কোঁৱৰ

সি অহা বাটেৰে গুচি গল

ফাগুনৰ বতাহজাক যেতিয়া

জোৰেৰে বালিছিল

দুভৰিত ধূলিয়ে চুমা যাচিছিল

তাৰ ভাৰীখন বগা, নিপুটল

ধূলিবোৰ পিছলি আহিছিল

স্কুলৰ পিছৰ বেঞ্চখনৰ পৰা ভাঁহি আহিছিল

হাঁহি খিকিন্দালিবোৰ

কেতিয়াবা বেদনা, কেতিয়াবা উল্লাল

ফুট বল খেলত খেলুৱৈ হাৰিছিল

জিকিছিল তাৰ চিঞৰটো

মুখৰ হাঁহিটো সদায় লগত লৈ ফুৰিছিল

কেতিয়াবা জেপত ভৰাই

কেতিয়াবা ওঁঠত

অব্যক্ত কথাবোৰ ----

নাজানো

হয়তো তাৰ সতেই গুচি গ'ল

সৌ সিদিনা মহঘুলি চাপৰিত

আমি আটায়ে চেকুৰিছিলোঁ

সি আগত

আমিবোৰ পিছে পিছে

চাৰিকড়ীয়া নৈখনত পকা বেলিটোৱে গা ধুই উঠিছিল

খল খল খল খল

বৈ আছিল বুকুৰ নৈখন

দুভাগ ৰাতি মাজুলীত বিহু নাচি

ভাগৰ নলগা লৰাটোৰ

বৰ ভাগৰ লাগিল

তিনিদিন একেৰাহে শুলে

নিতাল, মৌন

আকাশ খন হাউলি আহিল

তাৰ কপালত চুমা খালে

হাবুঙলৈ উজাই যোৱাৰ কথা আছিল

ফাট বিহুত

আকৌ পেঁপাটি বজাৰ কথা আছিল

অইনি:তম এটা

পি খোৱাৰ কথা আছিল

পাছে নহল

বলাই ঘাটত তেতিয়া আবেলি হল

বেলি ডুবি গধূলি হ'ল

সি গুচি গ'ল

উভটি নহা পথেৰে সি গুচি গ'ল

বলাই ঘাটত নাওখন

ৰাতিয়েই মুকলি হ'ল