অসম

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস: কটন এলুমেনি হলত অসম লেখিকা সমাজৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান…

asomiyapratidin

ডিজিটেল ডেস্ক: ৯ আগষ্ট, মঙলবাৰে কটনৰ এলুমেনি প্ৰেক্ষাগৃহত অসম লেখিকা সমাজে পোন-প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস অথবা আদিবাসী দিৱসৰ আঁত ধৰি আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ | "মাটি, মানুহ আৰু সমন্বয়" শীৰ্ষক এই অনুষ্ঠানটিত বৰচিং ৰংফাৰ আৰু জীনা ৰাজকুমাৰীক প্ৰদান কৰা হয় লম্বোধৰ কামান বঁটা |

এই অনুষ্ঠানটিৰ আঁত ধৰে অসম লেখিকা সমাজৰ প্ৰধান সম্পাদিক বৰ্ণালী দত্ত বৰাই | আৰম্ভণিতেই বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত পৰমানন্দ কামানে আৰু তাৰ পাছত ঘোষা পাঠ কৰে পাথৰকুৱেৰী মহিলা সমাজে | ইয়াৰ পাছতেই পৰ্যায়ক্ৰমে অনুষ্ঠানটিৰ আন কাৰ্যসূচী সমূহ ৰূপায়ণ কৰা হয়। "জাগা শক্তি জাগা" শীৰ্ষক গীতো পৰিৱেশন কৰা হয় অনুষ্ঠানটোত ।

ইয়াৰ পাছতেই সভা উদ্বোধন কৰে দয়ানন্দ পাঠকে | এই অনুষ্ঠানত থানেশ্বৰ মালাকাৰে আৰু প্ৰকাশ মহন্তই দুখন গ্ৰন্থ উন্মোচন কৰে। সেই গ্ৰন্থ দুখন হ'ল বন্দনা মহন্তৰ "সুবৰ্ণ পুষ্পৰ সুগন্ধি" আৰু দিপালী স্বৰ্গীয়াৰী বৰুৱাৰ অসমীয়াৰ পৰা বড়ো ভাষালৈ অনুবাদিত সংকলন "বিখায়াও গংছে হাগ্ৰামা লানানৈ" | দুয়োখন গ্ৰন্থ প্ৰকাশ কৰিছে অসম লেখিকা সমাজে।

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰাক্তন উপায়ুক্ত তথা অৱসৰ প্ৰাপ্ত আই এছ বিষয়া গায়ত্ৰী বৰুৱাই খিলঞ্জীয়াৰ সংজ্ঞাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত অসমৰ বিফলতা মন্তব্য প্ৰদান কৰি কয় যে, "খিলঞ্জীয়া বুলি ক'লেই তেখেতৰ মনলৈ আহে প্ৰতিমা পাণ্ডে বৰুৱা আৰু কনকলতাৰ কথা আৰু কিদৰে এই নিৰ্ভীক নাৰী দুগৰাকীয়ে সাহসেৰে থিয় হৈছিল পুৰুষতান্ত্ৰিক সমাজৰ সন্মুখত। এই সমাজখনৰ সংশোধনৰ বাবে প্ৰয়োজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত অসমৰ যুৱক-যুৱতীৰ অধিক অংশগ্ৰহণ |"

অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰে জ্যোষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। তেখেতে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস আৰু অসমৰ পটভূমিত ইয়াৰ বিশ্লেষণ সৰ্ন্দভত মন্তব্য আগবঢ়ায়| তেওঁ কয় যে, খিলঞ্জীয়া দিৱসক এক অনুষ্ঠানলৈ ৰূপান্তৰ কৰি শাসকতন্ত্ৰই খিলঞ্জীয়াৰ ওপৰত সময়ে সময়ে চলাই অহা অত্যাচাৰৰ কথা পাহৰাবলৈ চেষ্টা কৰি আহিছে| শ্ৰমিক দিৱস, মানৱ অধিকাৰ দিৱস, খিলঞ্জীয়া দিৱস, নাৰী দিৱস আদি দিৱসত অধিকাৰৰ প্ৰসংগ তল পেলাই এই দিৱসবোৰ উৎসৱত পৰিণত কৰাৰ এক প্ৰচেষ্টা চলি আছে। যি দৰে জীৱনৰ কঠিন সংগ্ৰামৰ প্ৰসংদ তল পেলাই জীৱনত উপভোগ্য কৰি উদযাপনৰ শ্লোগানো অব্যাহত আছে। কিন্তু আমোদ-প্ৰমোদ ধৰ্মী উৎসৱৰ পৰিৱৰ্তে এনে দিৱস বোৰত অধিকাৰৰ প্ৰসংগৰ আলোচনা আৰু সজাগতা বৃদ্ধিৰ প্ৰচেষ্ঠা চলিলেহে এনে দিৱস উদযাপন অৰ্থবহ হ'ব।

নাৰীৰ স্থান সদায় শীৰ্ষত বুলি উল্লেখ কৰি ভাৰত তথা অসমৰ সভ্যতা সংস্কৃতিয়ে সেই শিক্ষাই আমাক দিয়া বুলি প্ৰসংগ ক্ৰমে উল্লেখ কৰি মহন্তই কয় যে জাগ্ৰত আৰু সংগঠিত মহিলা সমাজেহে শৃংখলিত আৰু কৰ্মক্ষম এখন সমাজ গঢ়িব পাৰে । তেওঁ এই ক্ষেত্ৰত অসম লেখিকা সমাজে নিজকে আদৰ্শ ৰূপত গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাবলৈও আহ্বান জনায়।