কাজিৰঙাত পুনৰ গঁড় হত্যাঃ গমেই নাপালে বন কৰ্মীয়ে, পৰ্যটকেও দেখিলে মৃত গঁড়...
কাজিৰঙাত পুনৰ গঁড় হত্যাঃ গমেই নাপালে বন কৰ্মীয়ে, পৰ্যটকেও দেখিলে মৃত গঁড়... 
অসম

কাজিৰঙাত পুনৰ গঁড় হত্যাঃ গমেই নাপালে বন কৰ্মীয়ে, পৰ্যটকেও দেখিলে মৃত গঁড়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হৈছে এই গঁড় হত্যাৰ ঘটনা।

উল্লেখ্য যে, সন্দেহ অনুসৰি শুকুৰবাৰৰ নিশা এই গঁড় হত্যাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বনকৰ্মীয়ে জনোৱা অনুসৰি নিশা তেওঁলোকে কোনো ধৰণৰ গুলী চালনাৰ ঘটনা শুনা নাছিল।

আজি পুৱা পৰ্যটকৰ দল লৈ বনকৰ্মীসকল সেই স্থানত গৈ উপনীত হোৱাৰ পাছতে খৰ্গবিহীন মৃত গঁড়টোক দেখা পায়। ইয়াৰ পিছতে বনকৰ্মীসকলে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে আৰু ইয়াৰ পিছতে বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

বুঢ়াপাহাৰ বনাঞ্চলত এয়া চলিত বছৰৰ প্ৰথমটো গঁড় হত্যা। অৱশ্যে চলিত বছৰৰ আৰম্ভণিতে আগৰতলী বনাঞ্চলত অন্য এটা গঁড়ক হত্যা কৰা হৈছিল। আৰক্ষীয়ে অভিযান চলাই পৰৱৰ্তি সময়ত চোৰাং চিকাৰিক গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পাছতে কাজিৰঙাৰ সুৰক্ষাক লৈ কোনোধৰণৰ গাফিলতি নহ'ব বুলি ৰাজ্যৰ খোদ আৰক্ষী সঞ্চালকপ্ৰধানে অৱগত কৰিছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনত পুনৰ এইদৰে গঁড় হত্যা হোৱা বিষয়টোত এতিয়া প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমান্তৰালকৈ বুঢ়াপাহাৰৰ টুনিকাটি বন শিবিৰৰ বনকৰ্মীসকলে নিশা গঁড় হত্যাৰ সময়ত কি কৰি আছিল আৰু কিয় ঘটনাৰ বিষয়ে অৱগত নহ'ল সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে।