অসম

শীঘ্ৰেই অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ, ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ ঋতু পৰিবৰ্তনৰ লগে লগে ৰং সলনি হয় কাজিৰঙাৰ ৷ প্ৰতিটো ঋতুৱেই অনন্য ৰূপ দিয়া কাজিৰঙাত বসন্তৰ প্ৰথমজাক বৰষুণৰ পাছতেই ঘটিছে সেউজীয়াৰ সমাহাৰ।

শীতে লঠঙা কৰা গছবনৰ মাজত পলাশ শিমলুৰ পাহিয়ে ৰঙীন কৰি তোলা কাজিৰঙাত এতিয়া কুমল কুঁহিপাতৰ ন সাজ ৷তাতে ফেব্ৰুৱাৰী—মাৰ্চ মাহত জ্বলাই দিয়া নল বিৰিণাৰ ইকৰাৰ ছাইৰ মাজেৰে গজালি মেলা ঘাঁহবন বোৰেৰে অপূৰ্ব ৰূপ দিছে কাজিৰঙাক ৷ মন উতলা কৰা কাজিৰঙাৰ সেউজীয়াৰ মাজত বিচৰন কৰা গঁড়, হাতী,ম’হ,হৰিণাৰ জাকে সৰি নিছে দেশী বিদেশী পৰ্যটকৰ মন ৷ বিচৰাখিনি পাই উৎফুল্লিত পৰ্যটকে প্ৰশংসাৰে উপচালে কাজিৰঙাক ৷

নিচেই কাষৰে পৰা গঁড় হাতী ম’হ হৰিণাৰ নয়নাভিৰাম দৃশ্য দেখি ক’লে তুলনা বিহীন কাজিৰঙা ৷ মাজত মাত্ৰ কেইটামান দিন ৷ ১৫ মে'ত অন্ত পৰিব কাজিৰঙাৰ ২০২২—২৩ পৰ্যটন বৰ্ষ ৷ পৰ্যটন বৰ্ষৰ অন্তিম চোৱাত দেশ বিদেশৰ পৰ্যটকৰ ভিৰ বাঢ়িছে কাজিৰঙাত ৷কাজিৰঙাৰ সেউজ প্ৰকৃতিৰ মাজত নিজকে বিলাই দি মধুৰ স্মৃতি কঢ়িয়াই নিয়াৰ হেঁপাহেৰে প্ৰাণভৰি উপভোগ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ মনোমোহা ৰূপ লাৱণ্য ৷