অসম

এইবাৰ কাজিৰঙাৰ পাহাৰত বন ধ্বংস যজ্ঞ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত বন ধ্বংস। বন বিভাগৰ পৃষ্ঠপোষকতাতেই চলিছে এই বন ধ্বংস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশত কাৰ্বি আংলঙৰ হাতীপাথৰত পাহাৰ খনন চলাইছে একাংশ ব্যৱসায়ীয়ে।

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ২০১৯ চনৰ পৰা কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত খনন কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত পথাৰেই হওঁক বা পাহাৰেই হওঁক খনন চলিলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সেই সমূহ অঞ্চলত অভিযান চলাই বিহীত ব্যৱস্থা লৈ আহিছিল। পিছে এতিয়া উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশত পাহাৰ খনন চলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত।

উল্লেখ্য যে, অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ'ব গজ মহোৎসৱ। মহোৎসৱকলৈ ব্যাপক প্ৰস্তুতি চলাইছে কাজিৰঙাৰ বন বিভাগে। গজ মহোৎসৱ স্থলীত পথ নিৰ্মাণ কৰিবলৈ পাহাৰ খনন কৰি অনা হৈছে মাটি । যাৰ বাবে কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে, সমগ্ৰ ঘটনাকলৈ অজ্ঞতা প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে।