অসম

এফালে জুই আনফালে বন্য জন্তুৰ বিচৰণ! শীতে লঠঙা কৰা কাজিৰঙাত উন্মনা ফাগুনৰ পৰশ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা: শীতে লঠঙা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উন্মনা ফাগুনৰ পৰশ ৷ মনপৰশা সেউজীয়াৰ সলনি কাজিৰঙাৰ বিশাল তৃণভূমিত এতিয়া কেৱল মুগা ৰঙৰ আস্বাদন ৷ তাতে ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হৈছে কন্ট্ৰল বাৰ্ণিং ৷

জুইৰ লেলিহান শিখাই এফালৰ পৰা দহি নিয়া তৃণভূমিত সিচৰিত হৈ পৰা ছাঁইৰ মাজত বিচৰণ বন্যজন্তুৰ ৷ এয়া এক অনন্য ৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। আনহাতে তৃণভোজী জন্তুৰ বাবে তৃণভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তাত প্ৰতিবছৰে ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা কন্ট্ৰল বাৰ্ণিঙৰ সময়ত কাজিৰঙাত ভিৰ কৰেহি সাধাৰণ পৰ্যটকৰ লগতে দেশ বিদেশৰ ফটোগ্ৰাফাৰে ৷