কৰিমগঞ্জ

কৰিমগঞ্জ আৰক্ষীৰ সফলতাঃ বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা কৰিমগঞ্জ আৰক্ষীৰ। শুকুৰবাৰে নিশা কৰিমগঞ্জৰ শ্ৰীকৃষ্ণ নগৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ কৰিছে। এখন বাহনৰ পৰা জব্দ কৰিছে ১ লাখ য়াবা টেবলেট।

এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে আভিযান চলাই জব্দ কৰিছে য়াবা টেবলেটখিনি। জব্দ কৰা বাহনখনৰ নম্বৰ এ এছ ০১ এফ কে ২৯৩৯। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলাম নামৰ দুজন সৰবৰাহকাৰী।