কৰিমগঞ্জ

প্ৰতিকূল বতৰৰ বাবে ব্যাহত জন-জীৱন: বজ্রপাতত মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত প্ৰতিকূল বতৰৰ বাবে সৃষ্টি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ। ঠায়ে ঠায়ে ৰুষ্ট প্ৰকৃতিয়ে চলাইছে ধ্বংস লীলা। কৰবাত যদি বানে তাণ্ডৱ সৃষ্টি কৰিছে, কৰবাত আকৌ ভূমিস্খলনৰ ফলত ব্যাহত হৈছে জন-জীৱন।

ঠিক তেনে সময়তে শনিবাৰে কৰিমগঞ্জত বজ্রপাতত এজন যুৱকৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। মৃত যুৱকজনৰ নাম প্রিয় ৰঞ্জন দাস। কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ শনবিলৰ ফাকুৱা গাঁৱৰ ঘটনা এয়া। সন্ধিয়াৰ ভাগত বতাহ-বৰষুণৰ লগতে বজ্রপাত অহাত ঘৰৰ বাহিৰত থকা ব্যক্তিজনে বজ্রপাতৰ কোবত মৃত্যুক সাৱতিব লগীয়া হয়।