কাৰ্বি-আংলং

পশ্চিম কাৰ্বি আংলঙৰ মাজগাওঁ নামঘৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : পশ্চিম কাৰ্বি আংলং জিলাৰ মাজগাওঁ নামঘৰত শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো উদযাপন কৰা হৈছে।

ৰুণু বৰাক সভানেত্ৰী, ভবানী মেধীক উপ-সভানেত্ৰী, নিৰা বৰাক সম্পাদিকা, দিপালী শইকীয়াক সহ সম্পাদিকা আৰু ৰূপা বৰাক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটোৰ লগত সংগতি ৰাখি মাজগাওঁ, চিকামাৰী আৰু ৰংলাংবুং গাৱঁৰ জিয়ৰী আৰু বোৱাৰী সকলৰ দ্বাৰা কেলিগোপাল নাট প্ৰদৰ্শন কৰা হয়।

শনিবাৰে পুৱতি নিশা সামৰণি পৰা কেলিগোপাল নাটকখনি উদ্ধোধন কৰে ডম্বৰু শইকীয়াই। দেওবাৰে নিশালৈ মাজগাওঁৰ যুৱক-যুৱতী সকলৰ দ্বাৰা অংকীয়া নাট " সীতা হৰণ বালিবধ " প্ৰদৰ্শন কৰা হ'ব।