ডেনিৰ সহায়ত বোকাজান আৰক্ষীয়ে জব্দ কৰিলে ২৪ কোটিৰ হেৰ'ইন...
ডেনিৰ সহায়ত বোকাজান আৰক্ষীয়ে জব্দ কৰিলে ২৪ কোটিৰ হেৰ'ইন... 
কাৰ্বি-আংলং

ডেনিৰ সহায়ত বোকাজান আৰক্ষীয়ে জব্দ কৰিলে ২৪ কোটিৰ হেৰ'ইন...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাজানঃ বোকাজান আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২৪ কোটি টকা মূল্যৰ হেৰ'ইন। আনহাতে আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰী।

জানিব পৰা মতে ১৯ফেব্ৰুৱাৰীত খটখতি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত খটখতিৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাইছিল আৰক্ষীয়ে। অৱশ্যে তালাচী চলোৱা ট্ৰাকখনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।

কিন্তু আজি আৰক্ষীয়ে উপায়ন্তৰ হৈ গুৱাহাটীৰ পৰা লৈ যোৱা ডগ স্কোৱাডৰ সহায়ত পুনৰ চলাই অভিযান। এই অভিযানতে ডেনি নামৰ কুকুৰটোৰ সহায়ত NL-01-AD-8728 নম্বৰৰ ট্ৰাকখনত লুকুৱাই থোৱা হেৰ'ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত হেৰ'ইনসহ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী দুটা মণিপুৰৰ মহম্মদ ইকবাল আৰু মহম্মদ চৈয়ব আখ্টাৰ বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত হেৰ'ইনখিনিৰ ওজন ৪.১০৯ গ্ৰাম হোৱাৰ লগতে হেৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য ২৪ কোটিতকৈ অধিক।