কাৰ্বি-আংলং

ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে মাটি দান কৰিলে জিন্নত শিকদাৰে

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট: যি সময়ত হিন্দু মুছলমানৰ ৰাজনীতিয়ে সমাজত কলুষিত বাতাবৰণ সৃষ্টিৰে এক অশান্তময় পৰিবেশৰ বিৰাজমান সেই সময়ত কোকৰাঝাৰ জিলাৰ এটা পৰিয়ালে দাঙি ধৰিছে আদৰ্শ। কাজিগাঁও থানাৰ অন্তৰ্গত মোলানডুবি গাঁৱৰ জিন্নত শিকদাৰে হিন্দু ব্ৰহ্ম ধৰ্মৰ ব্ৰহ্মজ্যোতি মন্দিৰ নিৰ্মাণৰ বাবে এক বিঘা মাটি এককালীনভাৱে দান কৰে । অৱশ্যে জিন্নত শিকদাৰে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়া অনুসৰি তেওঁৰ পিতৃ প্ৰয়াত হজৰদ শিকদাৰে জীৱিত অৱস্থাতে তেওঁলোকৰ নিজৰ এবিঘা মাটি ব্ৰহ্ম সমাজৰ ব্ৰহ্ম ধৰ্মৰ নামত মন্দিৰ নিৰ্মাণৰ বাবেই অতি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে দান কৰিছিল।

তেওঁৰ পিতৃয়ে ব্ৰহ্ম সমাজৰ ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে দি যোৱা দান বহু মহৎ কাম বুলি অনুভৱ কৰি এই সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালৰ কোনো ধৰণৰ আপত্তি নাই বুলি মত পোষণ কৰে । এই কাৰ্যৰ যোগেদি হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী আৰু অধিক কঢ়িয়াই আনিব বুলি কয় ।

ইপিনে প্ৰয়াত হজৰদ শিকদাৰ আৰু তেওঁৰ পুত্ৰ জিন্নত শিকদাৰে মুছলমান হৈয়ো হিন্দু সকলৰ মন্দিৰ নিৰ্মাণৰ বাবে এক বিঘা মাটি এককালীনভাৱে দান কৰা এই মহৎ কাৰ্যৰ বাবে বিপুল আদৰণি জনায়। লগতে তেওঁলোকৰ এই মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জনাইছে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰচাৰ সংসদৰ সচিব বিদ্যাসাগৰ ব্ৰহ্মই ।