প্ৰাক্তন বিধায়ক জয়ৰাম
ইংলেং
প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং 
কাৰ্বি-আংলং

হাওৰাঘাটৰ প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগ...

Asomiya Pratidin

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ কাৰ্বি পাহাৰত শাসকীয় বিজেপিত মোক্ষম আঘাত । বিজেপিৰ জেষ্ঠ নেতা তথা হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে বিজেপি দল ত্যাগ কৰে ।

জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় । জয়ৰাম ইংলেঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰাৰ পিছৰে পৰা জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেং দলত গুৰুত্বহীন হৈ পৰে ।

কাৰ্বি পাহাৰত ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ সংঘাতত বহু জেষ্ঠ বিজেপি নেতা কৰ্মীয়ে ইতিমধ্যে দল ত্যাগ কৰিছে । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব পোৱাৰ পৰা বঞ্চিত হৈছিল জয়ৰাম ইংলেঙে ।

সদ্য অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনতো প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছে জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেং । জেষ্ঠ বিজেপি নেতাগৰাকীয়ে দলৰ সকলো দায়িত্বৰ লগতে প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিছে ।

উল্লেখ্য যে জেষ্ঠ বিজেপি নেতা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে ।