কাৰ্বি-আংলং

বৈঠালাংছ’ত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল চিকিৎসকৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কাৰ্বি আংলঙৰ বৈঠালাংছ’ত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পাহাৰৰ পৰা ১০০ ফুট তলত এখন বাহন বাগৰি পৰে।

উক্ত দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত লোকজন বৈঠালাংছ’ প্রাথমিক স্বাস্থ্য কেন্দ্রৰ এজন চিকিৎসক বুলি চিনাক্ত কৰা হৈছে। নিহত চিকিৎসকজনৰ নাম ডাঃ ক্লীফ পাটৰ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে দুজন সহযোগী চিকিৎসকৰ সৈতে উমপানাৰ পৰা আহিছিল ডাঃ পাটৰ। আনহাতে উক্ত দুৰ্ঘটনাত সহযোগী চিকিৎসক দুজন গুৰুতৰভাৱে আহত হৈছে।