ডকমকাত  নিহত এগৰাকী মহিলা
ডকমকাত নিহত এগৰাকী মহিলা 
কাৰ্বি-আংলং

ডকমকাত ছুৰিৰ আঘাতত প্ৰাণ গ’ল এগৰাকী মহিলাৰ...

Asomiya Pratidin

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি আংলং ।ডকমকা আৰক্ষী থানা এলেকাৰ ছাম তাৰ' গাঁৱত ছুৰিকাঘাতত নিহত হৈছে এগৰাকী মহিলা । নিহত মহিলাগৰাকী তৰুণ তাৰ'ৰ পত্নী ২৮ বছৰীয়া জয়া ৰংহাংপী ।

পৈত্ৰিক সম্পত্তি হিচাপে লাভ কৰা ভূমি জয়া ৰংহাংপীৰ নামত আছে যদিও কৌশলেৰে আন এজনক বিক্ৰী কৰে বাবু ৰংহাং নামৰ দূৰ সম্পৰ্কীয় লোকজনে । বাবু ৰংহাঙে ডকমকাৰ ভেলৌঘাটৰ পৰা ছাম তাৰ' গাঁৱত আহি উপস্থিত হয় তৰুণ তাৰ'ৰ ঘৰত । লগত আছিল দুই সংগী । বাবু ৰংহাঙে জয়াৰ নামত থকা মাটি এবিঘা বিক্ৰী কৰাত অসন্ত্ষ্ট হয় জয়া ।

জয়াই মাটি বিক্ৰি কৰা কথাটোত মানি নোলোৱাৰ বাবেই নিজৰ মোনাত লুকুৱাই অনা ছুৰি কটাৰীৰে হানি খুচি হত্যা কৰে । লগে লগে জয়াক ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাবতি লয় জয়াই ।

হত্যাকাৰী দূৰ সম্পৰ্কীয় খুৰাক বাবুয়ে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত । হত্যা কৰি নিজেই ডকমকা আৰক্ষী থানাত উপস্থিত হয় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ লোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।