ডিফুৰ চেৰলংজোনত ৩৫  খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ স্বধৰ্মলৈ প্ৰত্যাবৰ্তন
ডিফুৰ চেৰলংজোনত ৩৫ খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ স্বধৰ্মলৈ প্ৰত্যাবৰ্তন 
কাৰ্বি-আংলং

ডিফুৰ চেৰলংজোনত ৩৫ খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ স্বধৰ্মলৈ প্ৰত্যাবৰ্তন

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ডিফুস্থিত চেৰলংজোনত কাৰ্বি কুৰফ' আমেই'ৰ উদ্যোগত দেওবাৰে এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ টা খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ ১৫০ জন পুৰুষ মহিলা লোকে হিন্দু ধৰ্মৰ কাৰ্বি মূলৰ বাৰিথেলৈ আনুষ্ঠানিকভাৱে স্বধৰ্মলৈ প্ৰত্যাবৰ্তন কৰে। এই অনুষ্ঠানত তেওঁলোকক প্ৰথমে পৰম্পৰাগত কাৰ্বি ৰীতি-নীতিৰে পূজা, হেমফু, মুক্ৰাং আৰু ৰাচিঞ্জাৰে প্ৰায়চিত্ত কৰি কাৰ্বি পহৰে আদৰণি জনোৱাৰ লগতে স্বধৰ্মত তেওঁলোকক আঁকোৱালি লোৱা হয়।

কাৰ্বি কুৰফ' আমেইৰ সভাপতি টনছিং বে'ৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত কাৰ্বি আংলং জিলাৰ বোকাজান, নিলীপ, ৰংখাং, লাংছমেপী আদি বিভিন্ন ব্লকৰ অন্তৰ্গত কাৰ্বিসকলৰ পূৰ্বৰ চলি থকা বাৰেথি হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ পিছত পুনৰ হিন্দু ধৰ্মলৈ অৰ্থাৎ কাৰ্বিসকলৰ পূৰ্বৰে পৰা চলি অহা বাৰেথি হিন্দু ধৰ্মলৈ ঘূৰি আহি আনুষ্ঠানিকভাৱে যোগদান কৰে।

এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ ভাষণ দিয়ে অসম জনজাতী সুৰক্ষা মঞ্চৰ বিশিষ্ট নেতা বিনোদ কোম্বাঙে।সভাত প্ৰতাপ টেৰাং, জয়ছিং টেৰাঙৰ লগতে কাৰ্বি কাষ্টমাৰী ল'ৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত খ্ৰীষ্টান ধৰ্মৰ পৰা কাৰ্বি বাৰেথিলৈ(হিন্দু)ঘূৰি অহা ৩৫ টা পৰিয়ালৰ লোকসকলক কাৰ্বি পহৰে আদৰণি জনায় সাধাৰণ সম্পাদক বলেশ্বৰ হাঞ্চে। ভৱিষ্যতে আৰু অধিক খ্ৰীষ্টানৰ হিন্দুলৈ কাৰ্বি বাৰেথিলৈ ঘূৰি আহিব বুলি আশা কৰিছে কাৰ্বি কুৰফ' আমেই'ৰ নেতৃত্বই।