কাৰ্বি-আংলং

হাওৰাঘাটত চাউমিন খাই ১২ জন অসুস্থ : তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত আজি চাউমিন খাই হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পাঁচজন ছাত্ৰ আৰু সাতজন শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মী গুৰুতৰভাৱে অসুস্থ হৈ পৰে। দৰাচলতে বিদ্যালয়ৰ এটি প্ৰজেক্টৰ কামত ব্যস্ত আছিল ছাত্ৰ, শিক্ষক আৰু নিকেতনৰ অন্যান্য কৰ্মচাৰীসকল।

তেনে সময়তে দুপৰীয়া ভোক লগাত ক্ষহাওৰাঘাট বজাৰৰ ৰাজু হোটেলৰ পৰা চাউমিন আনি খায়। চাউমিন সেৱনৰ পাছতেই এজন এজনকৈ কেইবাজনো অসুস্থ হৈ পৰে ছাত্ৰ-শিক্ষকসকল। তেওঁলোকক ততাতৈয়াকৈ হাওৰাঘাট চৰকাৰী হাস্পাতালত ভৰ্তি কৰা হয় তেওঁলোকক।

তাৰে তিনিজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ইপিনে, ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হাওৰাঘাট আৰক্ষীয়ে। ইতিমধ্যে ৰাজু হোটেলৰ পৰা জব্দ কৰা হৈছে চাউমিনকে আদি কৰি বহু সামগ্ৰী। উল্লেখ্য ভেজাল খাদ্যৰ ৰমৰমীয়া বজাৰ এখন গঢ়ি উঠিছে সৰ্বত্ৰে তাৰ বিপৰীতে নীৰৱ নিৰ্বিকাৰ খাদ্য সুৰক্ষা বিভাগ।