অসম

বিক্ৰী কৰা অসমৰ ৬ কিশোৰী উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰ বিভিন্ন প্ৰান্তত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা অসমৰ কমেও ৬ গৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে।

কাৰ্বি আংলং আৰক্ষীয়ে জনোৱা অনুসৰি জিলাখনৰ কেইবাখনো আৰক্ষী থানাত অভিযোগ দাখিল হৈছিল। তাৰ প্ৰায় ১০ দিন পাছতেই উদ্ধাৰ কৰা হয় কিশোৰী কেইগৰাকীক।

প্ৰথমখন এজাহাৰ ৮ ডিচেম্বৰত ডিফু আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল। তাৰ ওপৰত সন্ধান চলাই হাৰিয়ানাৰ ফতেহাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। দেওবাৰে এই কথা জনাই আৰক্ষীয়ে।

ইয়াৰোপৰি অন্য এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাগালেণ্ড, তিনিচুকীয়া, ৰাজস্থান আদিৰ পৰাও কিশোৰী উদ্ধাৰ কৰিছিল কিশোৰী।

আৰক্ষীয়ে কয় যে, ১০ ডিচেম্বৰত বাকালিয়া আৰক্ষী থানাত এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত গম পাইছিল যে কিশোৰী গৰাকীক এজন ৩৩ বছৰীয়া ব্যক্তিৰ সৈতে বিবাহৰ উদ্দেশ্যে ১.৫ লাখ টকাত বিক্ৰী কৰা হৈছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুজন পুৰুষ সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক: অ' মা মোৰ বেমাৰ, ডাক্টৰৰ তাত যাঁও কোৱা পাপাক...