অ' মা মোৰ বেমাৰ, ডাক্টৰৰ তাত যাঁও কোৱা পাপাক...

মৃত্যু কাৰো কাম্য নহয়। কিন্তু মৃত্যু এক চিৰ সত্য। কবিৰ মতে মৃত্যু এক শিল্প। কিন্তু সকলো মৃত্যু জানো শিল্প হ'ব পাৰে। ইজনৰ পাছত সিজন মহীৰূহ আমাৰ মাজৰ পৰা গুচি গৈছে।
অ' মা মোৰ বেমাৰ, ডাক্টৰৰ তাত যাঁও কোৱা পাপাক...

মৃদুল কুমাৰ সন্দিকৈ

মৃত্যু কাৰো কাম্য নহয়। কিন্তু মৃত্যু এক চিৰ সত্য। কবিৰ মতে মৃত্যু এক শিল্প। কিন্তু সকলো মৃত্যু জানো শিল্প হ'ব পাৰে। ইজনৰ পাছত সিজন মহীৰূহ আমাৰ মাজৰ পৰা গুচি গৈছে। কাকো কোনোৱে ধৰি ৰাখিব পৰা নাই। মাঁথো ৰৈ যায় সেই সকলৰ সৃষ্টি আৰু সমাজলৈ আগবঢ়োৱা অৰিহনা।

তেওঁলোকৰ জীৱন আৰু কৰ্ম কৃতিয়ে এখন সমাজক সমৃদ্ধ কৰে। অসমীয়া সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা এই সকল মহান ব্যক্তি সত্বাৰ অনুপস্থিতি আমি পদে পদে অনুভৱ কৰে।

এজন সাধাৰণ লোকৰ মৃত্যুয়ে এটা পৰিয়ালৰ অৱস্থাই সলনি কৰি দিয়ে। মৃত্যু মুখী এজন লোকক সন্মুখত লৈ কোনোৱে বহি থাকিব নোৱাৰে। এতিয়া মৃত্যুৰ নামতো লাখ লাখ টকা ভৰিব লগা হয়।

মৃত্যুৰ বাবেও আমি সাজু হৈ থাকিব লগা হয়। বেমাৰ আজাৰ হ'লে চিকিৎসালয়লৈ যোৱা মানেই বৃহৎ ধনৰ ব্যয়। চিকিৎসকে যি কৰে বা কৰিবলৈ দিয়ে সেয়া কৰিবলৈ বাধ্য। কিন্তু অভিযোগ উঠে বহু সময়ত ৰোগীক অপ্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা কৰাৰ নামত ধন ঘটাৰ ফান্দ পাতে ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমবোৰে।

তথাপিও ভাল হোৱাৰ আশাত বন্দী হৈ থাকে মানুহ। এই সময় খিনি বৰ স্পৰ্শকাতৰ হয়।এটা পৰিয়ালৰ কৰুণ কাহিনী। দুৰাৰোগ্য ৰোগত আক্ৰান্ত ঘৰৰ মূল মানুহজন। ভাল হোৱাৰ আশাত ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়লৈ গৈও অস্ত্ৰোপচাৰ পৰ্যন্ত কৰিলে।

ভাল নহ'ল। লাহে লাহে তেওঁৰ বেমাৰ বাঢ়িহে গ'ল। এজনী কনমানি ছোৱালী আৰু এটা ১৬-১৭ বছৰীয়া ল'ৰা। পত্নীৰ সৈতে তেওঁলোকৰ এখন সুখৰ সংসাৰ আছিল। ধন সম্পত্তিৰ অভাৱো নাছিল।

ব্যৱসায়ী কৰা মানুহজনে ভৱা নাছিল এনে দিন তেওঁৰ বাবে আহিব। চিকিৎসাৰ নামতে সকলোবোৰ ব্যয় হ'ল। দীৰ্ঘদিনৰ এই চিকিৎসা কৰা জনে বুজি পাই টকা কেনেকৈ পানীৰ দৰে খৰচ হয়।

স্বাস্থ্য অধিক সংকটজনক হোৱাত মানুহজনক মহানগৰীৰে এখন নাৰ্ছিং হোমত ভৰ্তি কৰা হ'ল। নামত কেৱল দেহটোত জীৱটো আছে। বাকী তেওঁঁ সাৰ-সুৰ নাই। অচেতন হৈ তেওঁ মৃত্যুৰ প্ৰতীক্ষাত। চিকিৎসকেও কৈছে সেই কথা। কিন্তু কেনেদৰে মুখৰ পৰা অক্সিজেন মাস্ক, ভেন্টিলেটৰ, যন্ত্ৰপাতিবোৰ খুলি দিবলৈ কয় পত্নীয়ে।

সুযোগ গ্ৰহণ কৰা জনে এই অৱস্থাৰ সুযোগ গ্ৰহণ কৰে। ব্যৱসায় চাবলৈ কাৰ আজৰি। পত্নী আৰু পুত্ৰ থাকে তেওঁৰে সৈতে। কনমানি ছোৱালী জনী আত্মীয়জনৰ ঘৰত। মাজে মাজে তাই দেউতাকলৈ মনত পৰে।

তাই নাজানে তাইৰ দেউতাকৰ কি হৈছে। মনত পৰে উৎসৱ পাৰ্বন আহিলে দেউতাকে তাইক একো বঞ্চিত নকৰে। দেউতাকৰ বাবে তাই হিয়াৰ আমঠু। আত্মীয়ৰ ঘৰত থকাৰ অৱস্থাতেই সৰু যোৱালী জনীৰ জ্বৰ উঠিল। মাক-দেউতাকৰ সৈতে একেলগে শুৱা ছোৱালীজনী বিচনাৰ পৰা পৰিল।

তাই মাকলৈ ফোন লগালে। ক'লে- মা তুমি পাপাক লৈ ইয়ালৈ আহাচোন এতিয়াই। মোৰ বিৰাট জ্বৰ। বিচনাৰ পৰা পৰিও মই দুখ পালো। পাপাক কোৱা মোক হাস্পাতাল নিব লাগে। অসহায় পৰা মাকে কেৱল কান্দিলে। ভগৱানক প্ৰাৰ্থনা কৰিলে ভিতৰি ভিতৰি। ইমান শাস্তি দিয়াতকৈ তেওঁক লৈ যোৱা তুমি।

কিন্তু বাস্তৱত তেওঁ স্বামীৰ ভেন্টিলেটৰল খুলি দিবলৈ কব নোৱাৰে। যি অৱস্থা হৈছিল ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো। চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা সুধাকণ্ঠক বহুতৰ বুজনিৰ পাছত যাবলৈ দিয়ক বুলি সন্মতি জনাই উচুপি উঠিছিল কল্পনা লাজমী।

জীৱনৰ অন্তিম সময় কাৰ কেনেকৈ পাৰ হয় সেয়া কোনোৱে নাজানে। আমি কেৱল মায়াৰ পাছত দৌৰো। নিজৰ সমাধি সাজু কৰি থৈয়ো দেশৰ বাহিৰত মৃত্যু হৈছিল বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱা।

মৃত্যুৰ চিন্তাই কোনো দিনে আমনি নকৰা বুলি কোনোৱে কব নোৱাৰে। তথাপি আমি পাহৰি থাকো লাস-বিলাসৰ মাজত সকলো। অহংকাৰ, প্ৰাপ্তি, সন্মান, ধন-সম্পত্তি , পৰিয়াল কোনো মৃত্যুৰ সময়ত লগত লৈ যাব নোৱাৰে।

এতিয়া ব্যক্তিকেন্দ্ৰিক এই জীৱন বোৰৰ মাজত, ক্ষমতা কেন্দ্ৰিক অৰিয়াঅৰি বোৰৰ ভিৰত আমি সকলো কথা পাহৰি থাকো। অতি ব্যক্তিগত কিছুমান কথাক লৈ এনেদৰে আমি হৈ চৈ কৰো যেন এইবোৰেই আমাৰ সৰ্বস্ব।

সৰু ছোৱালী জনীয়ে মাকলৈ কৰা ফোনটোৰ কথাবোৰেই যেন উপলব্ধিৰ এক নতুন বাট মুকলি কৰি দিলে। শৈশৱেই ভাল। কিছুমান কথা বুজি পোৱাতকৈ নুবুজাকৈ থকায়েই মংগল। সময়ে কাক কেনেদৰে কি দি যায় তাৰ কোনো নিশ্চিয়তা নাই। আমি কেৱল সময়ৰ দাস। তথাপিও মানুহৰ ইমান হাবিয়াস...

আৰু পঢ়ক : বৰগাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in