অসম

সততা আৰু নিষ্ঠাৰ স্বীকৃতি: ৰাজ্যৰ ৫ কাৰা প্রহৰীলৈ "কাৰাগাৰ প্রেৰণা বঁটা ২০২২'

Asomiya Pratidin

ডিজিটে সংবাদ, শিলচৰ : অসমৰ কাৰাগাৰত সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱা বাবে ৰাজ্যৰ চাৰিখন কাৰাগাৰৰ ৫ জন কর্মচাৰীক 'কাৰাগাৰ প্রেৰনা বটা ২০২২' প্ৰদান কৰা হয়। ৰাজ্যৰ কাৰাগাৰ বিভাগে এই বঁটা প্ৰদান কৰে৷

ৰাজ্যৰ অন্য তিনিখন কাৰাগাৰৰ লগতে শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ এজন কাৰা প্রহৰীয়েও এই বঁটা লাভ কৰে৷ কাৰাগাৰ বিভাগৰ মুখ্য কার্যলয় খানাপাৰাত এই বঁটা প্রদান কৰে কাৰাগাৰ বিভাগৰ মহাপৰিদর্শক ( আই জি) বর্নালী শর্মাই ৷

বঁটা হিচাপে একোটাকৈ ষ্মাৰক আৰু মানপত্র প্রদান কৰা হয় নিৰ্বাচিত কাৰা প্ৰহৰী সকলক ৷ ইয়াৰ পূৰ্বে বঁটা প্রাপকসকলক গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়৷

বঁটা প্রাপক সকল হৈছে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰা প্ৰহৰী যদুমনি নাথ, শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ কাৰা প্ৰহৰী শ্বৰিফ উদ্দিন লস্কৰ,বিশ্বনাথ চাৰিআলি জিলা কাৰাগাৰৰ মুখ্য কাৰা প্ৰহৰী সত্যেন ভুঞা আৰু কাৰা প্ৰহৰী গজেন বড়ো আৰু বৰপেটা জিলা কাৰাগাৰৰ কাৰা প্ৰহৰী সুধন নাথ ৷

বঁটা প্রদান অনুষ্ঠানত কাৰাগাৰ বিভাগৰ দুই ডিআইজি দিলীপ শইকীয়া আৰু প্রদীপ ব্রহ্ম, এআইজি সত্যেন বৈশ্য সহ বিভাগৰ অন্য বিষয়া সকল উপস্থিত থাকে৷

আৰু পঢ়ক: হিমাচল প্ৰদেশত কাৰ চৰকাৰ? বিজেপিক চেৰ পেলাই আগবাঢ়ি আছে কংগ্ৰেছ