কামৰূপ জিলা আৰক্ষীৰ অভিযানত ৭ টা বাইক চোৰ আটকঃ ১২ খন বাইক উদ্ধাৰ
কামৰূপ জিলা আৰক্ষীৰ অভিযানত ৭ টা বাইক চোৰ আটকঃ ১২ খন বাইক উদ্ধাৰ 
অসম

কামৰূপ জিলা আৰক্ষীৰ অভিযানত ৭ টা বাইক চোৰ আটকঃ ১২ খন বাইক উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ হাজোঃ ১ আৰু ২ জানুৱাৰী তাৰিখে হাজো আৰক্ষী পৰিদৰ্শক নবজিৎ নাথ আৰু সহপৰিদৰ্শক টিংকু গোস্বামীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে কামৰূপৰ চুবুৰীয়া জিলাৰ ঘগ্ৰাপাৰ, তুলশিবাৰী, বাক্সা আৰু তামুলপুৰ অঞ্চলত অভিযান চলাই ১২খনকৈ চোৰাং বাইকসহ ৭ জনকৈ বাইক চোৰক আটক কৰে।

আটকাধীন চোৰকেইটা ক্ৰমে চাকিল আলী, দীপু চৰকাৰ, অজিত চৰকাৰ,জেহেৰুল আলী, মহম্মদ জাহিদুল আলী, চাদ্দাম হুছেইন আৰু ধন আলী। উল্লেখ্য যে প্ৰথমে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত এই বাইক চোৰৰ চক্ৰটোৰ মাষ্টাৰ মাইণ্ড ধন আলীক গ্ৰেপ্তাৰ কৰিছিল হাজো আৰক্ষীয়ে।

তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ১২খন বাইক উদ্ধাৰ কৰাৰ লগতে ৭ জনকৈ বাইক চোৰক আটক কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।