কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জোনাইত মাশ্বৰুম দিৱস পালন...
কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জোনাইত মাশ্বৰুম দিৱস পালন... 
অসম

কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জোনাইত মাশ্বৰুম দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ; জোনাই: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ, আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম কাঠফুলা উৎপাদন সংস্থা, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ, চিৰসেউজ এফ চি পি আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ সহযোগত আজি কাঠফুলা দিৱস ২০২৩ পালন কৰা হয়।

জোনাই বালিকা মহাবিদ্যালয় অনুষ্ঠিত হোৱা এই কাঠফুলা দিৱস উপলক্ষে বিভিন্ন প্ৰজাতিৰ কাঠফুলা আৰু কাঠফুলাৰ পৰা তৈয়াৰী বিভিন্ন প্ৰকাৰৰ খাদ্যৰ প্রদর্শনী আৰু প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত সদৌ অসম কাঠফুলা উৎপাদন সংস্থাৰ সভাপতি বসন্ত কুমাৰ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উদ্বোধনী ভাষণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কাঠফুলা খেতিৰে নিৱনুবা সংস্থাপনৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰৰ উদগনিত উদ্যোগী লোক কাঠফুলা খেতি কৰি গ্ৰাম্য অৰ্থনীতি সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাক প্ৰশংসা কৰে।

ইফালে সভাত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ধীৰেন্দ্ৰ নাথ কলিতাই কাঠফুলাক 'বগা মাংস' বুলি অভিহিত কৰি বিজ্ঞানসন্মতভাৱে উৎপাদন কৰা কাঠফুলা উত্তম পুষ্টিকৰ খাদ্য বুলি মন্তব্য কৰে। সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, নৰেশ কুম্বাং, জহান দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খৰ্গেশ্বৰ পেগু, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু, বিজ্ঞানী বি এন হাজৰিকা, আদিৰ লগতে সদৌ অসম কাঠফুলা উৎপাদন সংস্থাৰ কৰ্মকৰ্তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাঠফুলা কৃষক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে।