অসম

কামপুৰ ৰাস পথাৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ : সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালী বিহুৰ আনন্দ উছাহ। ৰাজ্যৰ সকলো প্ৰান্ততে উদযাপন কৰিছে বাপতিসাহোন ৰঙালী বিহুটি। সমান্তৰালকৈ কামপুৰতো দেখা গ'ল হেঁপাহৰ ৰঙালী বিহুটিক লৈ ব্যাপক উছাহ।

জীয়ৰী-বোৱাৰীয়ে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত। পহিলা ব'হাগৰ দিনা ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ বিহু পতাকা উত্তোলন কৰে চন্দ্ৰ বৰাই।

উল্লেখ্য যে অহা ৮ আৰু ৯ বহাগত কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কামপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।