অসম

জোনমনি ৰাভা ঘটনাৰ গোচৰ উঠাই ল'লে মাতৃয়ে !

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহকুমা ন্যায়িক আদালতত জোনমনি ৰাভাৰ ৰহস্যজনক ঘটনাৰ গোচৰ উঠাই লোৱাৰ বাবে আবেদন কৰিছে মাতৃ সুমিত্ৰা ৰাভাই। বৃহস্পতিবাৰে এছ আই জোনমনি ৰাভাৰ মাতৃ চিবিআইৰ বিষয়াৰ সৈতে কলিয়াবৰ মহকুমা ন্যায়িক আদালতত উপস্থিত হয় ।

জখলাবন্ধা থানাত ৰুজু হোৱা ৮৭/২৩ নং গোচৰ আৰু ৮৪/২৩ নম্বৰৰ গোচৰ দুটা চলি আছিল কলিয়াবৰ মহকুমা ন্যায়িক আদালতত। ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই ৮৭/২৩ নং গোচৰ উঠাই লোৱাৰ বাবে আবেদন কৰিছে। আনহাতে জখলাবন্ধা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পবন কলিতাই দাখিল কৰা ৮৪/২৩ নং গোচৰ উঠাই লোৱাৰ বাবে আবেদন কৰিছে।

আবেদনৰ ভিত্তিত আদালতে সুমিত্ৰা ৰাভাই দাখিল কৰা গোচৰটো উঠাই লয় যদিও আৰক্ষী বিষয়া পৱন কলিতাৰ আবেদন খাৰিজ কৰে আদালতে। চিবিআইৰ বিষয়াৰ কটকটীয়া আৱেষ্টনীৰ মাজত আদালতত হাজিৰ কৰোৱা হয় জোনমনি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। যাক লেডী সিংঘম হিচাপে সকলোৱে জানিছিল।  সেইগৰাকী জোনমণি ৰাভাই বিগত বৰ্ষৰ ১৬ মে'ৰ পুৱতি নিশা এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল। দক্ষ আৰক্ষী বিষয়া বুলি কম সময়তে পৰিচয় দিয়া ৰাভাৰ আকস্মিক মৃত্য়ুক ৰাজ্যৰ কোনো সচেতন লোকেই সহজভাৱে ল'ব পৰা নাছিল। জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে'ত জখলাবন্ধা থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।