অসম

নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত আটক কাকতিবাৰীৰ শিক্ষক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। এইবাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। সোণাৰিৰ এগৰাকী শিক্ষকে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে।

সোণাৰিৰ শিক্ষক চুনি বাইলুঙৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। এই সন্দৰ্ভত ভুক্তভোগী নাবালিকাৰ পৰিয়ালে সোণাৰিৰ কাকতিবাৰী আৰক্ষীক অভিযোগ দাখিল কৰিছে। এই অভিযোগ অনুসৰিয়েই কাকতিবাৰী আৰক্ষীয়ে শিক্ষক চুনি বাইলুঙক আটক কৰিছে।