অসম

চুমিলা ৰংহাংপী-দীপশিখা শইকীয়া হত্যাৰ বিচাৰ দ্ৰুত আদালতত সম্পন্ন কৰাৰ দাবীত জাষ্টিচ ফ’ৰাম ফৰ অপ্ৰেছ্ডৰ আহ্বানত প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ আহ্বান মৰ্মে শনিবাৰে নগাঁও, মৰিগাঁও , হোজাই, আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত কাৰ্বি নিমচু ছিংথুৰ আছং , প্ৰগতিশীল নাৰী সন্থাৰ অবিভক্ত নগাঁও জিলা সমিতি ,কলং কপিলী কাৰ্বি লামেত আমেই, নগাঁও ডিষ্ট্ৰিক কাৰ্বি অৰ্গেনাইজেশ্যন , নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা , নগাঁও কাৰ্বি ছাত্ৰ সন্থা, অসম মহিলা সংঘ নগাঁও জিলা সমিতি কৰ্মী সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা কেইখনৰ বিভিন্ন স্থানত কোভিড নীতি পালন কৰি প্ৰতিবাদত "চুমিলা ৰংহাংপী আৰু দীপশিখা শইকীয়া হত্যাৰ বিচাৰ দ্ৰুত আদালতত ৬ মাহৰ ভিতৰত সম্পন্ন কৰা, নাবালিকা দুগৰাকীক হত্যাৰ অভিযোগৰ অভিযুক্ত সকলক প'ক্সো আইন ২০২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ নং ধাৰাত গোচৰ ৰুজু কৰি বিচাৰ কৰা ,চুমিলা আৰু দীপশিখা পৰিয়াললৈ বিশ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা চুমিলাৰ ঘটনাৰ দিনা পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা পাঁচ জনকৈ লোকক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়া"ৰ দাবী তুলিছে।

দাবী সাব্যস্ত কৰি ফ'ৰামৰ মুখ্য আহ্বায়িকাদ্বয় প্ৰগতিশীল নাৰী সন্হাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু কে. এন. চি. এ. কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে সাংবাদিক জনোৱা মতে," শুকুৰবাৰে চুমিলা হত্যাৰ একমাহ পূৰ্ণ হোৱা দিনত এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক অসমত যোৱা সময়চোৱাত কন্যা শিশু নাবালিকাকে ধৰি নাৰীৰ সমাজৰ ওপৰত যি অত্যাচাৰ বৃদ্ধি পাইছে ইয়াক প্ৰতিৰোধ কৰাৰ লক্ষ্যতে সোঁৱৰাই দিয়াৰ বাবে এই কাৰ্যসূচী ক'ভিড মহামাৰীৰ দিনতো গ্ৰহণ কৰা হৈছে।"

লগতে উল্লেখ কৰে যে, "সমগ্ৰ দেশতে বিজেপি শাসিত ৰাজ্য সমূহত নাৰীৰ ওপৰত হত্যা আৰু হিংসা সৰ্বাধিক। অসমতো আমি দেখিছোঁ POCSO গোচৰৰ অধীনত চাৰ্জশ্বীট দাখিল কৰা আৰক্ষী বিষয়া গৌৰৱ উপাধ্যায়ক চিৰাং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া কাৰ্যই বৰ্তমান নবনিৰ্ব্বাচিত বিজেপি চৰকাৰখনে যে, নাৰী সমাজৰ নিৰাপত্তা সন্মান আৰু অধিকাৰৰ প্ৰশ্নটো গৌণ কৰি তুলিছে সেয়াই প্ৰমাণ হয়।আদালতে দোষমুক্ত ঘোষণা নকৰা পর্য্যন্ত উপাধ্যায়ক ন্যায়িক জিম্মাত ৰখাৰো দাবী উত্থাপন কৰে।"