হোজাইৰ মোৰাঝাৰত মটৰচাইকেল চোৰৰ ঘাটি উৎখাত, আটক এজনক…

হোজাইৰ মোৰাঝাৰত মটৰচাইকেল চোৰৰ ঘাটি উৎখাত, আটক এজনক…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিকমল বনিয়াৰ নেতৃত্বত শুকুৰবাৰে নিশা মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰহাওৰত অভিযান চলাই মটৰচাইকেল চোৰৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশমতে অভিযান চলাই হোজাইৰ মোৰাঝাৰৰ বৰহাওৰৰ পৰা আৰক্ষীয়ে চাৰিখন চুৰি মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে চুৰিৰ অভিযোগত বৰহাওৰৰ জাকিৰ হুছেইনৰ নামৰ এজনক যুৱকক আটক কৰে৷

জাকিৰে দহ হাজাৰ টকাকৈ তিনিখন মটৰ চাইকেল আমিৰ হুছেইনৰ পৰা কিনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ জাকিৰৰ ঘৰৰ পৰা তিনিখন বাইক উদ্বাৰ কৰাৰ লগতে আন স্থানৰ পৰা আন এখন বাইক উদ্বাৰ কৰি আৰক্ষীয় আৰম্ভ কৰিছে তদন্ত। ধৃত জাকিৰ হুছেইনৰ ঘৰৰ পৰা মটৰ অভিযানকাৰী দলটোৱে আপাচী ১৬০ এএছ ০৯জি৩১১৯, প্লেটিনা এএছ০৯ জি ৯১৯৫, এমএইছ ৪৬এটি৭১৮২ আৰু আন খন আপাচি ১৬০ নম্বৰপ্লেটবিহীন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাৰ লগত জড়িত কুখ্যাত চোৰ আমিৰ হুছেইন সাম্প্ৰতিক পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মোৰাঝাৰ অঞ্চলত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in