অসম

''নগাঁও টাউনত হত্যা কৰা হৈছিল জোনমণিক, লগত আছিল এগৰাকী আৰক্ষী বিষয়া''

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জোনমণি ৰাভা মৃত্যুৰ প্ৰতিদিনেই পোহৰলৈ আহিছে ন ন তথ্য। বুধবাৰে এজন যুৱকে কৈছিল যে তেওঁ প্ৰত্যক্ষ কৰিছে সমগ্ৰ ঘটনা। জোনমণিৰ ৰখাই থোৱা গাড়ীত খুন্দা মাৰিছিল ট্ৰাকে।তাৰপাছতে আজি সন্ধান নাই প্ৰণৱ দাস নামৰ যুৱকজনৰ।

ইয়াৰ মাজতে আজি পোহৰলৈ আহিছে আন এক ফোন কল। দাবী অনুসৰি এই ফোনকল এগৰাকী আৰক্ষী কনিষ্টবলৰ। ঘটনাৰ উচিত তদন্ত বিচাৰিছে তেওঁ। ফোনত তেওঁ কৈছে যে, ''জোনমণি মৰা আগত তাই নগাঁৱত ৩ পাক মান ঘূৰিছে। তাইৰ গাড়ীত কোন আছিল? তাৰপাছত অচি, এছ পি, এএছপিয়ে কি আলোচনা কৰিছিল। তাৰ আধাঘন্টামান পাছত অচি থানালৈ আহি ঘূৰি ফুৰিছিল(জোনমণিৰ মৃত্যুৰ আগৰ ঘটনা)। তাৰ পাছত নিতুল বৰাৰ লগত ওলাই গ'ল বৰঘাট। অচিয়ে প্ৰত্যোক থানাৰ গেট বন্ধ কৰিবৰ নিৰ্দেশ দিছিল। ড্ৰাইভাৰ ঘূৰি আহিলে। তেতিয়া তাইক কোনোবাই মাৰি আছে। কোনে মাৰি আছিল নাজানো। ৰডেৰে মাৰি আছে। নগাঁও টাউনৰ ভিতৰতে ১২ টা মান বজাত তাইক মাৰিছে। আমি তেতিয়া বিচাৰি ফুৰিছিলো''।

''অচিয়ে এছপিক ফোন কৰিছে। ১২.১৫ ত তাইৰ ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ আহিছে। ২.১৫ মানত খবৰ আহিছে তাই স্পট ডেড। তাৰপাছতে এছপিয়ে তালাচী চলাইছে। আচলতে মৰাৰ আগত নহয়, মৰাৰ পাছতহে জোনমণিৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে।যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ী খন ৰখাৰ ১০ মিনিট পাছত ট্ৰাকে খুন্দা মাৰিছে। তাইৰ জোতাযোৰ ভৰিত লাগি থাকিব লাগিছিল।কিন্তু গাড়ীৰ পিছফালে আছিল। দুটা মানুহ আছিল। চাগে ধৰ্ষণো কৰিছে। তাই মৰাৰ সময়ত ৰাভা নামৰ আৰক্ষী জন লগত আছিল''।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ সত্যাসত্য তদন্তৰ পাছতহে পোহৰলৈ আহিব। জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। তাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তদন্তৰ দায়িত্ব দিছিল চিআইডিক।