অসম

'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক চৈয়দ ৰবিউল হকক অসম সাহিত্য সভাই জনাব বিশেষ সম্বর্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক চৈয়দ ৰবিউল হকক বিশেষভাৱে সম্বৰ্ধনা জনাবলৈ অসম সাহিত্য সভাই বাছনি কৰিছে। ৩১ জানুৱাৰীৰ পৰা মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ 'পাঁচোৰজা সমন্বয় ক্ষেত্ৰত' অনুষ্ঠিত হ'বলগীয়া সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ ২ ফেব্ৰুৱাৰীৰ 'সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা' অনুষ্ঠানত তেওঁক সভাই সম্বৰ্ধিত কৰিব। এই উদ্দেশ্যৰে সাংবাদিকগৰাকীলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই এখনি পত্ৰ প্ৰেৰণ কৰি নিমন্ত্রণ কৰিছে সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ।

উল্লেখ্য যে চৈয়দ ৰবিউল হক গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ স্থানীয় সাংবাদিক। তেওঁ বিগত প্ৰায় তিনিটা দশকতকৈ অধিক দিন ধৰি সাংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ আহিছে। তেওঁৰ সাংবাদিক জীৱনত তেওঁক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বঁটা আৰু সম্বৰ্ধনাৰে সম্বৰ্ধিত কৰাৰ লগতে শেহতীয়াকৈ ২০২৩ বৰ্ষত তেওঁক অসম সাংবাদিক সন্থা চমুকৈ আজুৱে সাংবাদিক নিৰ্মল দাস সোঁৱৰণী 'পৰিবেশ সাংবাদিকতা' বঁটা প্ৰদান কৰিছে।