তিতাবৰ ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁ‌চনিৰ স্বেচ্ছাসেৱকৰ বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ...
তিতাবৰ ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁ‌চনিৰ স্বেচ্ছাসেৱকৰ বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ... 
যোৰহাট

তিতাবৰ ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁ‌চনিৰ স্বেচ্ছাসেৱকৰ বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজান: তিতাবৰ-ৰাষ্ট্ৰীয় সেৱা আঁ‌চনি(এন.এছ.এছ) গোট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) যোৰহাটৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ উপযোগীকৈ বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ কৰে। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা তথা স্বচ্ছতা অটুত ৰখাৰ বাবে বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আঠটাকৈ ডাষ্টবিন নিৰ্মাণ কৰা হয় আৰু ডায়েট চৌহদত সুন্দৰভাৱে স্থাপন কৰা হয় ।

বাঁ‌হৰ ডাষ্টবিন নিৰ্মাণ কাৰ্যত নেতৃত্ব প্ৰদান কৰে ৰাষ্ট্ৰীয় সেৱা আঁ‌চনিৰ বিষয়া সুমিত কুমাৰ থাপাই।ইয়াৰ লগতে বাঁ‌হৰ ডাষ্টবিন কেইটা নিৰ্মাণ কৰে ডায়েট যোৰহাট, তিতাবৰৰ শিক্ষাৰ্থী তথা স্বেচ্ছাসেৱক ক্ৰমে-হিমাদ্ৰী তনয়া মহন্ত,প্ৰাণজিৎ বৰা, ভাস্কৰ জ্যোতি বড়া, শৰৎ গগৈ, হৃষিকেশ শইকীয়া, নয়ন জ্যোতি সোণোৱাল,অভিনাশ শইকীয়া, গীতামণি দত্ত, উৰ্ব্বশী চেতিয়া, ডেনিছ মাৰায়া, দেবাশীষ নেওগ ,ৰাহুল সাধনীদাৰ, টিংকু পায়েং, হীৰক জ্যোতি নেওগ।

এই বাঁহৰ ডাষ্টবিন নিৰ্মাণৰ উদ্দেশ্য হ'ল প্লাষ্টিক ব্যৱহাৰ হ্ৰাসকৰণ তথা পৰিবেশৰ স্বচ্ছতা অটুত ৰখা।