শ্ৰীকৃষ্ণৰ ৰাসোৎসৱকলৈ তিতাবৰৰ ৰজাবাহৰত উখল-মাখল পৰিবেশ...
শ্ৰীকৃষ্ণৰ ৰাসোৎসৱকলৈ তিতাবৰৰ ৰজাবাহৰত উখল-মাখল পৰিবেশ... 
যোৰহাট

শ্ৰীকৃষ্ণৰ ৰাসোৎসৱকলৈ তিতাবৰৰ ৰজাবাহৰত উখল-মাখল পৰিবেশ...

Asomiya Pratidin

ডিজিটেল সংবাদ তিতাবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিতাবৰ মহকুমাৰ ৰজাবাহৰতো শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ এক উখল মাখল পৰিবেশ বিৰাজ কৰিছে। ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহতো দিনে-নিশাই স্থানীয় সাংস্কৃতিকপ্ৰেমী ৰাইজে ৰাসৰ আখৰ অব্যাহত ৰাখিছে।

স্থানীয় বহুকেইগৰাকী প্ৰতিভাসম্পন্ন মহিলাৰ দ্বাৰা প্ৰদৰ্শিত হ'বলগা এই ৰাসলীলা অঞ্চলটোৰ বাবে আকৰ্ষণৰ বিশেষ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাসৰ বচন আৰু গোপীসকলৰ আকৰ্ষণীয় নৃত্য, খোল-তালৰ শব্দই এলেকাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

উল্লেখ্য যে ৰজাবাহৰৰ সোণালী জয়ন্তী বৰ্ষগৰকা বৃহৎ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰূপালীম সাংস্কৃতিক সন্থাই অহা ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰীকৃষ্ণ ৰাসলীলা। দুদিনীয়া ৰাসত চেমনীয়াসকলে এদিন আৰু ৰজাবাহৰ অঞ্চলটোৰ মহিলাসকলে আনটো দিনত ৰাসলীলা পৰিবেশন কৰিব।

ৰূপালীম সাংস্কৃতিক সন্থাৰ সভাপতি তৰুণ গগৈ, সম্পাদক দীপক ৰাজখোৱা, যুটীয়া সম্পাদক ধ্ৰুৱজিৎ ৰাজখোৱা, প্ৰদীপ বুঢ়াগোঁহাইৰ লগতে এখন উদযাপন সমিতিয়ে ৰাস প্ৰস্তুতিৰ সকলো দিশ চোৱা-চিতা কৰিছে। উদযাপন সমিতিৰ বাবে অৰূপ ৰাজখোৱা সভাপতি, বীৰেণ গগৈ(টুটু)ক কাৰ্যকৰী সভাপতি, প্ৰদীপ ৰাজখোৱা, দিলীপ চিৰিং ফুকন, চন্দ্ৰ সোণোৱালক উপ সভাপতি, অনিলজ্যোতি বুঢ়াগোহাঁই, ৰাজু শইকীয়াক সম্পাদক, অতুল গগৈ, মুকুট চিৰিং ফুকন, প্ৰদীপ চুতীয়া, হৰেণ ঘাটোৱাৰক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে।

ৰাসোৎসৱত তৰুণ ৰাজখোৱা, বুধিন বৰা, প্ৰদীপ বুঢ়াগোঁহাইয়ে নাট আৰু নৃত্য পৰিচালনা কৰিব বুলি ৰূপালীম সাংস্কৃতিক সন্থাৰ সম্পাদক দীপক ৰাজখোৱাৰ পৰা জানিব পৰা গৈছে। আয়োজকসকলে দৰ্শকৰ বাবে টিকটৰ ব্যৱস্থা কৰিছে।

ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলিও জানিব পৰা গৈছে। অহা ২৪ নৱেম্বৰত ভৰ আখৰা কৰা হ'ব। বৰ্তমান আখৰা কৰি থকা সকলোবোৰ ৰূপালীমৰে ন-পুৰণি শিল্পী।

আখৰাৰ প্ৰতিটো দিনত স্থানীয় ৰাইজৰ যথেষ্ট সহযোগিতা লাভ কৰি খুৱেই আহ্লাদিত হৈ পৰিছে আয়োজকসকল। ৰাস প্ৰদৰ্শনৰ দুয়োটা দিনতে বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।